
ডিজিটেল ডেস্কঃ ৭২ ঘণ্টাৰ যুদ্ধ বিৰতিৰ অন্তত চুদানৰ ৰাজধানী খাৰ্তুমকে ধৰি দেশখনৰ অন্যান্য প্ৰান্তত পুনৰ আৰম্ভ হৈছে সংঘৰ্ষ। যোৱা ২৪ ঘণ্টাত যুদ্ধ ভূমিলৈ পৰিণত হোৱা দেশখনৰ পৰা ৫৫০ জনতকৈ অধিক ভাৰতীয়ক স্থানান্তৰ কৰা হৈছে।
চুদানৰ পৰা তেওঁলোকক চৌদি আৰৱৰ জেদ্দালৈ অনা হৈছে। জানিব পৰা মতে এতিয়ালৈকে মুঠ ৩ টা পৰ্যায়ত ৫৬১ গৰাকী ভাৰতীয়ক চুদানৰ পৰা জেদ্দালৈ লৈ যোৱা হৈছে। দেশখনত ৪০০০ তকৈও অধিক ভাৰতীয়ই বাস কৰি আছে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে এই সন্দৰ্ভত কয় যে, 'অপাৰেচন কাবেৰী'ৰ অধীনত ২৭৮ জন ভাৰতীয়ক নৌ সেনাৰ জাহাজ আই এন এছ সুমেধাৰ জৰিয়তে প্ৰথমটো গোটত চুদান বন্দৰৰ পৰা চৌদি আৰৱৰ জেদ্দালৈ স্থানান্তৰ কৰা হৈছিল। ইয়াৰ পিছত, ভাৰতীয় বায়ু সেনাৰ চি-130জে বিমানে ১৪৮ আৰু ১৩৫ জন ভাৰতীয়ক জেদ্দালৈ স্থানান্তৰ কৰে। তেওঁলোকক সোনকালেই বিমানেৰে ভাৰতলৈ লৈ যোৱা হ'ব।
উল্লেখ্য যোৱা ১৫ এপ্ৰিলৰ পৰা চুদানত সেনা আৰু অৰ্ধ সামৰিক বাহিনীৰ মাজত যুদ্ধ আৰম্ভ হৈছিল। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, এতিয়ালৈকে এই সংঘৰ্ষত ৪৫৯ জন লোক আৰু সৈনিকৰ মৃত্যু হৈছে। প্ৰায় ৪,০৭২ জন লোক আহত হৈছে।
গৃহ যুদ্ধত জৰ্জৰিত দেশখনত ঘোষণা কৰা ৭২ ঘণ্টীয়া যুদ্ধবিৰতি ২৭ এপ্ৰিলৰ ১২ বজালৈকে অব্যাহত থকাৰ কথা আছিল যদিও পুনৰ যুদ্ধ আৰম্ভ হৈছে। যুদ্ধ বিৰতিৰ এই ৭২ ঘণ্টাত বিদেশী লোকসকলক সেই দেশৰ পৰা স্থানান্তৰ কৰাৰ বাবে সুযোগ প্ৰদান কৰা হৈছে।