চৌপাশে কেৱল মৃতদেহ : দুৰ্গন্ধময় গাজা

কেইবাটাও বিধ্বস্ত বাসগৃহত একেটা পৰিয়ালৰ বহুকেইটা মৃতদেহ পৰি ৰোৱা বুলি জানিব পৰা গৈছে
চৌপাশে কেৱল মৃতদেহ : দুৰ্গন্ধময় গাজা

ডিজিটেল ডেস্ক : কিছুদিন পূৰ্বে ইজৰাইলত অনুষ্ঠিত এক সংগীতানুষ্ঠানত হামাছ উগ্ৰপন্থীয়ে চলাইছিল আক্ৰমণ। আক্ৰমণৰ ফলত মৃত্যু হৈছিল ভালেসংখ্যক লোকৰ। গাজা ষ্ট্ৰীপত সিঁচৰিত হৈ আছে অগণন মৃতদেহ।

হামাছ উগ্ৰপন্থীৰ আক্ৰমণৰ প্ৰত্যুত্তৰত ইজৰাইলে আৰম্ভ কৰা প্ৰত্যাক্ৰমণত বিধ্বস্ত হৈ পৰিছে সমগ্ৰ অঞ্চল। চৌপাশে কেৱল মৃতদেহৰ দুৰ্গন্ধ বিয়পি পৰিছে। দুৰ্গন্ধময় গাজা চহৰ।

চহৰখনৰ কেইবাটাও স্থানত বেগৰ ভিতৰত মৰাশ ৰখা বুলি জানিব পৰা গৈছে। আনহাতে কেইবাটাও বিধ্বস্ত বাসগৃহত একেটা পৰিয়ালৰ বহুকেইটা মৃতদেহ পৰি ৰোৱা বুলি জানিব পৰা গৈছে।

চৌপাশে কেৱল মৃতদেহ : দুৰ্গন্ধময় গাজা
আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ১১ টাকৈ সোণৰ পদক অৰ্জন শিৱসাগৰৰ ৩ খেলুৱৈৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in