অৱসান ঘটিল ছোভিয়েট মহাকাশ যাত্ৰাৰ এটি যুগৰ

অৱসান ঘটিল ছোভিয়েট মহাকাশ যাত্ৰাৰ এটি যুগৰ

ডিজিটেল ডেস্ক : অৱসান ঘটিল ছোভিয়েট মহাকাশ যাত্ৰাৰ এটি যুগৰ । বৰ্তমানৰ পোলেণ্ডৰ একমাত্ৰ মহাকাশচাৰী জেনেৰেল মিৰোশ্ল' হাৰমাজেৱস্কীৰ মৃত্যু হয় ৮১ বছৰ বয়সত । মহাকাশচাৰী জনে ১৯৭৮ চনতেই প্ৰদক্ষিণ কৰিছিল পৃথিৱীৰ কক্ষপথ । মহাকাশচাৰী জনৰ মৃত্যুৰ বাতৰি সংবাদ মাধ্যমৰ সন্মুখত সদৰি কৰে মহাকাশচাৰী জনৰ জোৱায়েক তথা ইউৰোপৰ সাংসদ ৰায়জাৰ্দ জাৰ্নেকিয়ে ।

উল্লেখ্য যে, ১৯৭৮ চনৰ জুন আৰু জুলাই মাহত সৰ্বমুঠ ৯ দিনৰ বাবে পৃথিৱীক প্ৰদক্ষিণ কৰি সমগ্ৰ দেশবাসীৰ সন্মুখত নায়ক হৈ পৰিছিল মিৰশ্ল' । এই ৯ দিনতেই সয়ুজ ৩০ নামৰ মহাকাশযান খনত ১২৬ বাৰ প্ৰদক্ষিণ কৰিছিল পৃথিৱীক মিৰশ্ল'ৱে । এই সমগ্ৰ যাত্ৰাকালত মিৰশ্ল'ৰ বাবে আশংকাৰ মূল কাৰণ আছিল কোনো উল্কাপিণ্ডৰ মহাকাশযান খনৰ সৈতে খুন্দা মৰাৰ সম্ভাৱনা । কিয়নো ১৯৭৮ চনত নাছিল ৰাছিয়াৰ অত্যাধুনিক তথ্য প্ৰযুক্তি বিদ্যা । যাৰ বাবে এই আশংকা নুই কৰিব পৰা অৱস্থাত নাছিল মিৰশ্ল' ।

মিৰশ্ল'ৰ এই ভ্ৰমণে তেতিয়াৰ পূব ইউৰোপৰ দেশ সমূহৰ বাবে মুকলি কৰি দিছিল মহাকাশৰ বহু নতুন তথ্য । এই  অভিযানতেই বহু বৈজ্ঞানিক গৱেষণা আৰু পৃথিৱী পৃষ্ঠৰ আলোকচিত্ৰ সংগ্ৰহ কৰিছিল মহাকাশচাৰী জনে । যি পৰৱৰ্তী সময়ত মহাকাশ যাত্ৰাৰ বাবে গুৰুত্বপূৰ্ণ সমল হৈ পৰে বিশ্ববাসীৰ বাবে । 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in