"ওবামাৰ ভাৰতক লৈ কৰা মন্তব্য সম্পূৰ্ণ ব্যক্তিগত"...

"ওবামাৰ ভাৰতক লৈ কৰা মন্তব্য সম্পূৰ্ণ ব্যক্তিগত"...

ডিজিটেল ডেস্কঃ শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোডীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়তে দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বাৰাক ওবামাই ভাৰতক লৈ কৰা এক মন্তব্যই সৃষ্টি কৰিছে বিতৰ্কৰ । সংবাদ মাধ্যমক প্ৰদান কৰা এক সাক্ষাতত বাৰাক ওবামাই ভাৰতত সংবাদ মাধ্যমৰ স্বাধীনতা আৰু মানৱ অধিকাৰ উলংঘন, সংখ্যালঘু লোকৰ ওপৰত হোৱা অত্যাচাৰ আৰু ইণ্টাৰনেট বন্ধৰ ওপৰত উদ্বেগ প্ৰকাশ কৰি মন্তব্য প্ৰকাশ কৰিছিল । স্বাভাৱিকতেই প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ এনে মন্তব্যত ক্ষুন্ন হৈছিল ভাৰত ।

এই মন্তব্যৰ পিছতেই ভাৰতৰ বিজেপি বহু নেতা-কৰ্মীয়ে এই মন্তব্যৰ বিৰোধীতা কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল । ওবামাৰ এই মন্তব্যৰ পিছতেই দেশখনৰ এজন বিষয়াই এই সন্দৰ্ভত প্ৰদান কৰিছে মন্তব্য । বিষয়াগৰাকীয়ে কৈছে যে, "বাৰাক ওবামাৰ মন্তব্য সম্পূৰ্ণ ব্যক্তিগত । এই মন্তব্য হোৱাইট হাউছৰ সৈতে কোনো ধৰণে সম্পৰ্কিত নহয় ।" লগতে ওবামাৰ এই মন্তব্যক গুৰুত্ব সহকাৰে গ্ৰহণ নকৰিবলৈ অনুৰোধ জনায় ।

"ওবামাৰ ভাৰতক লৈ কৰা মন্তব্য সম্পূৰ্ণ ব্যক্তিগত"...
জোনমণি ৰাভাৰ মাতৃৰ আহ্বানৰ প্ৰতি সঁহাৰি বিজেপি অসম প্ৰদেশৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in