ডিজিটেল ডেস্কঃ ভৱিষ্যত সম্পৰ্কে জানিবলৈ সাধাৰণ মানুহ উৎসুক হৈ থাকে। সেয়ে মানুহে ভৱিষ্যতৰ বিষয়ে জানিবলৈ জ্যোতিষীৰ কাষ চাপে। জ্যোতিষ শাস্ত্ৰৰ জৰিয়তে ভৱিষ্যত তথা আহিব পৰা প্ৰত্যাহ্বানৰ পৰা পৰিত্ৰাণ পাবলৈ মানুহে বিভিন্ন পন্থ অৱলম্বন কৰে।
কিন্তু ভৱিষ্যত সম্পৰ্কে জ্যেতিষ শাস্ত্ৰৰ জৰিয়তে কোৱা কথাবোৰক বিশ্বাস কৰিবলৈ কুণ্ঠাবোধ কৰে বিজ্ঞান মনস্ক মানুহখিনিয়ে। ভৱিষ্যত সম্পৰ্কে মানুহৰ মাজত সৃষ্টি হোৱা এনে পৃথক মতভেদৰ মাজতে বিশ্বত সংঘটিত হোৱা কেতবোৰ ঘটনাই নতুন চিন্তাৰ উন্মেষ ঘটাই।
এগৰাকী প্ৰখ্যাত জ্যোতিষী তথা দাৰ্শনিক নষ্ট্ৰাদামুছে মৃত্যুৰ পূৰ্বে লিখি থৈ যোৱা 'লেছ প্ৰফেটিছ' (Les Propheties) নামৰ গ্ৰন্থখনৰ কথাবোৰে বিজ্ঞানৰ উত্তৰণৰ এই আধুনিক বিশ্বত কৌতুহলৰ সৃষ্টি কৰাই নহয়, বিশ্ববাসীক আচৰিত কৰি ৰাখিছে।
১৫৬৬ চনত মৃত্যুৰ পূৰ্বে নষ্ট্ৰাদামুছে লিখিছিল লেছ প্ৰফেটিছ নামৰ গ্ৰন্থখন। এই গ্ৰন্থত তেওঁ একাধিক ভৱিষ্যতবাণী কৰি গৈছিল। তেওঁ তেতিয়াই লণ্ডনৰ মহা অগ্নিকাণ্ড, এডলফ হিটলাৰৰ উত্থানৰ লগতে শেহতীয়াক কোভিড মহামাৰীৰো পূৰ্বানুমান কৰিথিল। আনকি তেওঁ ব্ৰিটেইনৰ ৰাণী এলিজাবেজ দ্বিতীয়ৰ মৃত্যুৰো পূৰ্বানুমান কৰিছিল।
২০২৫ ৰ আৰম্ভণিৰ লগে লগে আকৌ নষ্ট্ৰাদামুছৰ সেই ভৱিষ্যতবাণী সম্পৰ্কে চৰ্চা চলিছে। তেওঁ ২০২৫ বিশ্বৰ বাবে এক ভয়াৱহ বছৰ হ’ব বুলি পূৰ্বানুমান কৰিছিল। এই বছৰটোত ভয়ানক বিপৰ্যয় তথা যুদ্ধৰ বছৰ হিচাপে আখ্যা দিছিল।
নষ্ট্ৰাডামাছুৰ পূৰ্বানুমান অনুসৰি ২০২৫ ইউৰোপীয় ভূমিৰ লোকসকলে এক কঠিন যুঁজৰ ভুক্তভোগী হ'ব লাগিব। ইয়াৰ লগত জড়িত হৈ পৰিব আমেৰিকা যুক্ত ৰাষ্ট্ৰও।
নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণী অনুসৰি ২০২৫ ত মহামাৰী শত্ৰুতকৈ অধিক বিপদজনক হ'ব। বিশ্বজুৰি মহামাৰীয়ে কাল ৰূপ ধাৰণ কৰিব। ৰাছিয়া আৰু ইউক্ৰেইন মাজৰ যুদ্ধও দুই দেশৰ সৈন্যৰ অৱসাদৰ বাবেই অন্ত পৰিব বুলি তেওঁ পূৰ্বানুমান কৰি গৈছে।
মন কৰিবলগীয়া যে, ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধই ১০০০ দিন অতিক্ৰম কৰিছে। ৰাছিয়ান সৈন্যসকলে পূৰ্বৰ উন্মাদনা হেৰুৱাইছে। অৱস হৈ পৰিছে তেওঁলোক। দাৰ্শনিকগৰাকীৰ পূৰ্বানুমান অনুসৰি ২০২৫ তে ব্ৰাজিলত আগ্নেয়গিৰিৰ বিস্ফোৰণ আৰু প্ৰলয়ংকৰী বানপানী হোৱাৰ সম্ভাৱনা আছে।
উল্লেখনীয় কথাটো হ’ল দাৰ্শনিক নষ্ট্ৰাডামুছৰ ভৱিষ্যতবাণীৰ সৈতে বিষ্ময়কৰ মানৱ বাবা ভাঙ্গাৰো ভৱিষ্যতবাণী প্ৰায় মিলি গৈছে। ১৯৯৬ চনত মৃত্যু হোৱা বাবা ভাঙ্গাই ২০২৫ ত বিশ্ববাসীয়ে এনে কিছু সমস্যাৰ সন্মুখীন হ’ব বুলিয়েই ভৱিষ্যতবাণী কৰি গৈছে।
তেওঁ কৈছিল ২০২৫ ত ইউৰোপত এখন নতুন যুদ্ধৰ সূচনা হোৱাৰ সম্ভাৱনা আছে। এই যুদ্ধই বিশ্বজুৰি প্ৰভাৱ পেলাব। এই বাবা ভাঙ্গাই ৯/১১ কাণ্ডৰো পূৰ্বানুমান কৰিছিল। তেওঁ পূৰ্বানুমান কৰি গৈছে ২০২৫ ত পৃথিৱীলৈ এলিয়েন বা বহিঃবিশ্বৰ প্ৰাণীৰ আগমণ হ’ব।
ইফালে সামাজিক মাধ্যমত এইসমূহ বিষয়ে চৰ্চা লাভ কৰাত বহুতেই নানান প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্বাভাৱিকভাৱে একাংশই এইসমূহ ভৱিষ্যতবাণীৰ কোনো অস্তিত্ব নাই বুলি দাবী কৰাৰ বিপৰীতে একাংশই এইসমূহ ভৱিষ্যতবাণীৰ সন্দৰ্ভত অধিক জানিবলৈ আগ্ৰহী হৈ পৰিছে।
তাৰ মাজতে আকৌ একাংশই ২০২৫ তে পৃথিৱী ধ্বংস হ’ব বুলি বাবা ভাঙ্গাই পূৰ্বানুমান কৰা বুলি প্ৰচাৰ কৰিছে। কিন্তু দৰাচলতে বাবা ভাঙ্গাই তেনে কোনো কথা উল্লেখ কৰা নাই। আন একাংশই বাবা ভাঙ্গাক এগৰাকী দাৰ্শনিক আখ্যা দি তেওঁ কৰা ভৱিষ্যতবাণীসমূহ কেতিয়া ফলিয়াব সেই বিষয়ে কোনো নিৰ্দিষ্ট তাৰিখ, সময় নিৰ্ধাৰণ কৰা নাই বুলিও উল্লেখ কৰিছে।