
ডিজিটেল সংবাদ, তিনিচুকীয়া:- বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বৃহস্পতিবাৰে তিনিচুকীয়া জিলা কংগ্ৰেছে মাকুম পথত থকা অসম শক্তি বিতৰক কোম্পানীৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে । শক্তি মন্ত্ৰীৰ লগতে শাসকীয় বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন শ্ল'গান দিয়া প্ৰতিবাদকাৰীসকলে এই বিক্ষোভ কাৰ্যসূচীৰ যোগেদি অনতিবিলম্বে বিদ্যুৎ মাচুল হ্ৰাস কৰিবলৈ ৰাজ্য চৰকাৰক দাবী জনায় ।
ইফালে প্ৰতিবাদত অংশগ্ৰহণ কৰি জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱাই বিজেপি চৰকাৰে হিতাধিকাৰীক সন্তুষ্ট কৰিবলৈ গৈ বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি কৰাৰ লগতে সঘনাই বিদ্যুৎ মাচুল বৃদ্ধি কৰি সাধাৰণ জনতাক মাধমাৰ সোধাইছে বুলি মন্তব্য কৰে। লগতে কংগ্ৰেছ দল শাসনলৈ আহিলে প্ৰতিটো পৰিয়ালক মাহে দুশ ইউনিট বিদ্যুৎ ৰেহাই দিব বুলি প্ৰদেশ কংগ্ৰেছে 'শপত' লোৱাৰ কথা উল্লেখ কৰে ।