বছৰটোৰ অন্তিমটো দিনতো বেলিষ্টিক মিছাইল নিক্ষেপন উত্তৰ কোৰিয়াৰ...

বছৰটোৰ অন্তিমটো দিনতো বেলিষ্টিক মিছাইল নিক্ষেপন উত্তৰ কোৰিয়াৰ...

ডিজিটেল ডেস্ক : বছৰটোৰ অন্তিম দিনটোতো অশান্ত উত্তৰ কোৰিয়াৰ সীমান্ত এলেকা । দিনটোৰ আৰম্ভণিতেই দক্ষিণ কোৰিয়াৰ প্ৰতি লক্ষ্য কৰি তিনিটাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ কৰে উত্তৰ কোৰিয়াই । অৱশ্যে কেৱল এয়াই নহয় বৰং ৫ দিন পূৰ্বেও দক্ষিণ কোৰিয়ালৈ ড্ৰোণ প্ৰেৰণ কৰিছিল ৰাষ্ট্ৰখনে ।

অৱশ্যে এই মিছাইল নিক্ষেপণে এতিয়ালৈ কোনো প্ৰত্যক্ষ ভাবুকি কঢ়িয়াই অনা নাই আন্তৰ্জাতিক কূটনীতিত । কিন্তু উত্তৰ কোৰিয়াৰ এনে প্ৰৰোচনামূলক কাণ্ডক সহজে ল'ব পৰা নাই ৰাষ্ট্ৰসংঘই ।

উল্লেখ্য যে, উত্তৰ কোৰিয়াৰ এই মিছাইল নিক্ষেপণ স্থানীয় সময় অনুসৰি বছৰটোৰ অন্তিম দিনটোত দিনৰ প্ৰায় ৮ বজাত কৰা হয় ৰাষ্ট্ৰ খনৰ হোৱাংঘাই প্ৰদেশৰ পৰা । ইয়াৰ ওপৰিও প্ৰায় ৩৫০ কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে মিছাইল কেইটাই । আনহাতে, চুবুৰীয়া ৰাষ্ট্ৰ জাপানে দিয়া মন্তব্য অনুসৰি, এটা মিছাইল জাপানৰ সমীপৱৰ্তী সমুদ্ৰ এলেকাত পৰে । এই মিছাইলটো জাপানত পৰা হ'লে মূহুৰ্তৰ ভিতৰতেই সলনি হ'ল হয় পৰিস্থিতি । যি সময়ত যুদ্ধৰ বাবে অশান্ত হৈ পৰিছে মধ্য প্ৰাচ্য আৰু পূব ইউৰোপ তেনেস্থলত এনে প্ৰৰোচনামূলক ঘটনাই ভৱিষ্যতলৈ আন এক যুদ্ধ কঢ়িয়াই অনাৰ আশংকা নুই কৰিব নোৱাৰি ।    

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in