ডেভিদ বেকাৰ,ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা

ডেভিদ বেকাৰ,ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা

author-image
Asomiya Pratidin
New Update
ডেভিদ বেকাৰ,ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰলৈ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা

ডিজিটেল ডেস্কঃ ৩গৰাকী বিজ্ঞানীলৈ ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হ'ব ৷ বিজ্ঞানী ডেভিদ বেকাৰক অৰ্ধেক "কম্পিউটেচনেল প্ৰ’টিন ডিজাইনৰ" বাবে কৰা হৈছে। লগতে বাকী আধা অংশ ডেমিছ হাছাবিছ আৰু জন এম জাম্পাৰক যৌথভাৱে "প্ৰ’টিনৰ গঠন ভৱিষ্যদ্বাণীৰ" বাবে প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে ২০২৪ চনৰ ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰ’টিন বিষয়ক আৱিষ্কাৰৰ বাবে আগবঢ়োৱা হৈছে ৷ উল্লেখ্য যে, সম্পূৰ্ণ নতুন ধৰণৰ প্ৰ’টিন নিৰ্মাণৰ প্ৰায় অসম্ভৱ কাৰ্যত সফল হৈছে ডেভিদ বেকাৰ।

ডেমিছ হাছাবিছ আৰু জন জাম্পাৰে ৫০বছৰীয়া এক সমস্যা সমাধানৰ বাবে প্ৰ’টিনৰ জটিল গঠনৰ ভৱিষ্যতবাণী কৰা এটা AI মডেল প্ৰস্তুত কৰিছে । এই আৱিষ্কাৰসমূহৰ সম্ভাৱনা বিপুল। উল্লেখযোগ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰে পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰখনৰ বঁটা ঘোষণা কৰা হয়।

Also Read: মাজবাটত ঘুচিয়াই ঘুচিয়াই এজনক হত্যা...

Nobel Prize 2024 Nobel Prize in Chemistry 2024