মাজবাটত ঘুচিয়াই ঘুচিয়াই এজনক হত্যা...

মাজবাটত ঘুচিয়াই ঘুচিয়াই এজনক হত্যা...

author-image
Asomiya Pratidin
New Update
মাজবাটত ঘুচিয়াই ঘুচিয়াই এজনক হত্যা...

ডিজিটেল সংবাদ,মাজবাটঃ দুৰ্গা পূজাৰ আনন্দৰ মাজতে মাজবাটত চাঞ্চল্যকৰ হত্যাকাণ্ড। বাহিপুখুৰী চাহ বাগিচাৰ নাৰায়ণ কিষান নামৰ এজন লোকে বুকুত ঘুচিয়াই ঘুচিয়াই হত্যা কৰে দিপক গায়ন নামৰ এজন লোকক। সামান্য কাজিয়াতে নাৰায়ণ কিষান নামৰ লোকজনে বুকুত ঘুচিয়াইছিল দিপক গায়ন নামৰ লোকজনক।

Advertisment

ইতিমধ্যে হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত নাৰায়ন কিষানক মাজবাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে। জানিব পৰা মতে, যোৱা নিশা প্ৰায় ১১ বজাত মাজবাটৰ ১ নং নাহৰবাৰীৰ দীপক বায়ন আৰু বাহিপুখুৰী চাহ বাগিচাৰ ৮ নম্বৰ লাইনৰ নাৰায়ন কিষান কাজিয়াত লিপ্ত হৈছিল।

দুয়োজনৰ তৰ্কা-তৰ্কীৰ মাজতে নাৰায়ন কিষান নামৰ লোকজনে দীপক গায়নৰ বুকুত প্ৰচণ্ড জোৰেৰে ঘোচা মাৰাৰ ফলত দীপক গায়ন মাটিত ঢলি পৰে। লগে-লগে পৰিয়ালৰ লোকে আঘাতপ্ৰাপ্ত দিপক গায়নক মহলীয়াপাৰা মডেল চিকিৎসালয়ত ভর্তি কৰোৱা হৈছিল যদিও মৃত ঘোষণা কৰে চিকিৎসকে।

পিছত দণ্ডাধীশৰ উপস্থিতিত মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ওদালগুৰি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। আনহাতে পৰিয়ালৰ অভিযোগৰ ভিত্তিত মাজবাট আৰক্ষীয়ে ৫০/২৪ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি নাৰায়ন কিষানক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

Also Read: খবৰ আহে, চিঠিহে নাহে...

MAZBAT MURDER orang