নিউজিলেণ্ডত জব্দ 'বেটমেন' !

নিউজিলেণ্ডত জব্দ 'বেটমেন' !

ডিজিটেল ডেস্ক : নিউজিলেণ্ড জল সেনাই বুধবাৰে প্ৰশান্ত মহাসাগৰত জব্দ কৰিলে দেশখনৰ সৰ্ববৃহৎ পৰিমাণৰ ড্ৰাগছ । প্ৰায় ৩২০০ হেজাৰ কিলৰ এই ড্ৰাগছখিনি জলসেনাই বুধবাৰে দিনৰ ভাগত প্ৰশান্ত মহাসাগৰত এখন নাৱত প্ৰত্যক্ষ কৰে । যাৰ বজাৰ মূল্য নিউজিলেণ্ডৰ টকাৰ হিচাপত প্ৰায় ৫০০ মিলিয়ন অৰ্থাৎ ভাৰতীয় হিচাপত ২৩২৬ কোটি টকা । ইয়াৰ পূৰ্বে এনে বৃহৎ পৰিমাণৰ ড্ৰাগছ নিউজিলেণ্ডত কাহানিও জব্দ হোৱা নাই বুলি জানিবলৈ দিয়ে দেশখনৰ চৰকাৰে ।

নিউজিলেণ্ড আৰক্ষীৰ ভাষ্য অনুসৰি, এই ড্ৰাগছখিনি আছিল কোকেইন যি সম্ভৱত অষ্ট্ৰেলিয়ালৈ লৈ গৈ থকা হৈছিল আৰু পথত জলসেনাক প্ৰত্যক্ষ কৰি সম্ভৱ পলায়ন কৰে সৰবৰাহকাৰীয়ে । আনহাতে এই ড্ৰাগছখিনি অষ্ট্ৰেলিয়া গৈ পালে প্ৰায় এটা সম্পূৰ্ণ বছৰ যথেষ্ট হ'ল হৈ এই পৰিমাণ । ইয়াৰ পৰাই অনুমান কৰিব পাৰি কি এক বৃহৎ পৰিকল্পনা আছিল সৰবৰাহকাৰীৰ ।

আমোদজনক ভাৱে এই ড্ৰাগছৰ পেকেটসমূহত আছিল বেটমেনৰ চিহ্ন । ডি চি নামৰ কমিকগোষ্ঠীটোৰ সৰ্বকালৰ আটাইতকৈ জনপ্ৰিয় চৰিত্ৰ হৈছে চুপাৰমেন আৰু বেটমেন । যি বেটমেনে কমিকছত সমগ্ৰ জীৱন অন্যায় আৰু অপৰাধৰ বিৰুদ্ধেই যুঁজিলে সেই বেটমেনকেই এতিয়া কোকেইনৰ পেকেটৰ চিহ্ন বনোৱা কাৰ্যই খলকনি তুলিছে বিশ্বত ।

উল্লেখ্য যে, নিউজিলেণ্ডত শেহতীয়াকৈ বৃদ্ধি পাইছে ড্ৰাগছৰ সৰবৰাহ । ইতিমধ্যে চৰকাৰে জব্দও কৰিছে বহু পৰিমাণৰ ড্ৰাগছ । এই সন্দৰ্ভত চৰকাৰৰ মন্তব্য অনুসৰি, কোনো এক আন্তৰ্জাতিক অপৰাধীৰ তত্ত্বাৱধানত সংঘটিত হৈছে এই ঘটনা ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in