/asomiyapratidin/media/media_files/2025/05/27/sdqW20B5oS9JA6lBSdOA.jpg)
ডিজিটেল ডেস্কঃ নিজৰ অভিলেখ নিজেই ভাঙিলে এভাৰেষ্ট মেন হিচাপে খ্যাত কামি ৰীতা শ্বেৰপাই। মঙলবাৰে এই পৰ্বতাৰোহীগৰাকীয়ে সম্পূৰ্ণ কৰিলে ৩১ সংখ্যক এভাৰেষ্ট ট্ৰেকিং। ইয়াৰ লগে লগে লিপিবদ্ধ হ'ল আন এক অভিলেখ।
কামি ৰীতা, এভাৰেষ্ট আৰোহণ কৰিবলৈ যোৱাসকলৰ উপৰিও সামগ্ৰীক ভাৱে পৰ্বতাৰোহীসকলৰ বাবে এটা চিনাকী নাম। এভাৰেষ্টেই তেওঁৰ ঘৰ। মন গ'লেই গুছি যায় এভাৰেষ্টৰ শিখৰলৈ।
তিনি দশক পূৰ্বে তেওঁ যেতিয়া প্ৰথমবাৰৰ বাবে এভাৰেষ্টৰ শিখৰত ভৰি দিছিল তেতিয়াই তেওঁ এভাৰেষ্টকে নিজৰ ঘৰ কৰি লোৱাৰ মন মেলিছিল। সেয়াই যেন আৰম্ভণি।
অৱশ্যে ১৯৯৪ চনত যেতিয়া তেওঁ প্ৰথমবাৰৰ বাবে এভাৰেষ্টৰ শিখৰত আৰোহণ কৰিছিল সেইবাৰ তেওঁৰ এই আৰোহণৰ উদ্দেশ্য আছিল সম্পূৰ্ণ ব্যৱসায়ীক। এটা পৰ্বাতাৰোহী দলৰ সৈতে তেওঁ গৈছিল এভাৰেষ্টৰ শিখৰলৈ।
তাৰ পিছৰ পৰা এভাৰেষ্টকেই নিজৰ ঘৰ কৰি লোৱা কামি ৰীতাই তেওঁৰ ৫৫ বছৰীয়া জীৱনত এই পৰ্যন্ত মুঠ ৩১ বাৰ এভাৰেষ্ট আৰোহণ কৰিলে। নেপালৰ এইগৰাকী পৰ্বতাৰোহীৰ সন্দৰ্ভত স্থানীয় লোকে কয়, তেওঁক যেতিয়াই বিচাৰিব তেতিয়াই এভাৰেষ্টৰ বুকুতেই বিচাৰি পাব।
পৰ্বতাৰোহণৰ সৈতে জড়িত আৰু ইয়াৰ খবৰ ৰখাসকলৰ বাবে কামি ৰীতা শ্বেৰপাক এতিয়া আৰু পৃথকে চিনাকি কৰাই দিয়াৰ প্ৰয়োজন নাই। কামি ৰীতা বিশ্বজুৰি এভাৰেষ্ট আৰোহণৰ এক প্ৰতীক হৈ পৰিছে। সেয়ে তেওঁক বিশ্বৰ পৰ্বাতাৰোহীসকলে ‘এভাৰেষ্ট মেন’ বুলিয়েই চিনি পায়।
কামি ৰীতা শ্বেৰপায়ে প্ৰতি বছৰেই ধাৰাবাহিকভাৱে এভাৰেষ্ট আৰোহণ কৰি আহিছে। ফলত তেওঁৰ নামৰ সৈতে প্ৰতি বছৰেই এটাৰ পিছত এটাকৈ নতুন ৰেকৰ্ড জড়িত হৈ পৰিছে।
অৱশ্যে কামি ৰীতাৰ উদ্দেশ্য ৰেকৰ্ড স্থাপন কৰা নহয়। তেওঁৰ নামৰ সৈতে জড়িত হোৱা ৰেকৰ্ডক লৈ তেওঁৰ নাই কোনো বিশেষ গুৰুত্ব। বিগত বছৰত ৩০ সংখ্যক বাৰৰ বাবে এভাৰেষ্টৰ শিখৰত উপনীত হোৱাৰ পিছত তেওঁক এই অভিলেখৰ বিষয়ে প্ৰশ্ন কৰিছিল সাংবাদিক।
তেওঁ এই অভিলেখৰ সন্দৰ্ভত কৈছিল, "মই কামৰ বাবে এভাৰেষ্ট বগাওঁ। কোনো ৰেকৰ্ড গঢ়িবলৈ নহয়।" এয়াই কামি ৰীতা শ্বেৰপা।