/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2018/08/Nepal_Restaurant_Naulo_Robot_Waiters.jpeg)
ডিজিটেল ডেস্কঃ আপুনি ৰেষ্টুৰেণ্টখনত বহিছে, ৱেইটাৰৰ ফালে চাইছে। সাধাৰণতে আপোনাক সেই সময়ত ৱেইটাৰে আনি দিবহি এখন মেনু। কিন্তু ইয়াত এনে নহয়। আপোনাৰ ফালে আগবাঢ়ি আহিব এটা ৰবট। আপুনি কি খাব সেয়া ক'ব লাগিব ৰবটটোক। আপোনাক সেই ৰবটটোৱে অপ্যায়ন কৰিব।
৫টা ৰবটে ৰেষ্টুৰেন্টখনৰ সকলো গ্ৰাহকৰ অৰ্ডাৰ ল'ব আৰু খাদ্য টেবুলে টেবুলে যোগান ধৰিব। দক্ষিণ এছিয়াৰ এনে ৰবটেৰে চালিত প্ৰথমখন ৰেষ্টুৰেণ্ট এতিয়া নেপালৰ ৰাজধানী কাঠমাণ্ডুত। নেপালৰ পাইলা টেকনলেজিয়ে প্ৰায় ৯৪ লাখ টকা ব্যয়ৰে নিৰ্মান কৰিছে ৰবট কেইটা।
পাইলা টেকনলেজি কোম্পানীটো আৰম্ভ কৰিছিল ৬জন যুৱকে। যুৱক কেইজনে ইঞ্জিনিয়াৰিঙৰ অধ্যয়ন শেষ কৰাৰ পাছত দেশ-বিদেশত ৰবট নিৰ্মাণ সমন্ধীয় জ্ঞান আহৰণ কৰি শেষত নিৰ্মাণ কৰি উলিয়াইছিল ৰবট কেইটা।
পৰৰ্ৱতী সময়ত এই যুৱককেইজনে একলগ হৈ মুকলি কৰিছিল এই ডিজিটেল ৰেষ্টুৰাখন। উল্লেখযোগ্য যে, ইংৰাজীৰ লগতে নেপালী ভাষাতো গ্ৰাহকৰ সৈতে কথা পাতিব পাৰে ৰবট কেইটাই সকলোকে আকৰ্ষণ কৰিছে ৰেষ্টুৰেণ্টখনলৈ।