/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/05/nepal.jpg)
ডিজিটেল ডেস্ক: নেপালৰ তাৰা এয়াৰ লাইনচৰ এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাত পতিত হৈছিল দেওবাৰে। এই দুৰ্ঘটনাত ১৯ জন যাত্ৰীৰ লগতে বিমানখনৰ ৩ জন বৈমানিকৰ মৃত্যু ঘটিছিল। মৃত যাত্ৰী সকলৰ ভিতৰত আছিল ভাৰতৰ এটা পৰিয়াল।
এই বিমানখনত থকা ভাৰতীয় পৰিয়ালটো আছিল মহাৰাষ্ট্ৰৰ থানেৰ। অশোক ত্ৰিপাঠী উপৰিও তেওঁৰ পত্নী বৈভৱী পুত্ৰ ধনুষ আৰু কন্যা ৰিতিকা আছিল মৃত সকলৰ ভিতৰত। এটা মন্দিৰ দৰ্শনৰ বাবে তেওঁলোক বিমানেৰে যাত্ৰা কৰিছিল।
উল্লেখ্য যে, ৪৩ বছৰীয়া পুৰণি এই বিমানখনত থকা আটাইকেইগৰাকী যাত্ৰীৰেই দুৰ্ঘটনাটোত মৃত্যু হৈছিল। অতি দুখৰ কথা যে অশোক ত্ৰিপাঠী আৰু বৈভৱী ত্ৰিপাঠীৰ মাজত বিবাহ বিচ্ছেদৰ গোচৰ চলি আছিল।
আদালতৰ নিৰ্দেশ অনুসৰি তেওঁলোকে প্ৰতিবছৰে ১০দিনৰ বাবে কোনো এক স্থানত মিলিত হয়। আদালতৰ সেই নিৰ্দেশ মানি নেপাললৈ গৈছিল পৰিয়ালটো। পুত্ৰ কন্যাই যাতে পিতৃ-মাতৃৰ স্নেহৰ পৰা বঞ্চিত নহয় তাৰ বাবে এই নিৰ্দেশ জাৰি কৰিছিল আদালতে।
বিবাহ-বিচ্ছেদ কৰি পতি-পত্নী আঁতৰি সপোন পুৰণ নহ'ল। নিয়তীয়ে এই দুৰ্ঘটনাৰ জৰিয়তে পুত্ৰ-কন্যাৰ সৈতে পৰিয়ালটোক একেলগে লৈ গ'ল কোনোবা অচিন দেশলৈ। এই বিমান দুৰ্ঘটনাত মৃত্যু হোৱা বহু যাত্ৰীৰ মৃতদেহ এতিয়াও উদ্ধাৰ কৰিব পৰা হোৱা নাই।
আৰু পঢ়ক: এতিয়াৰে পৰা ল'ব নোৱাৰিব বেছিকৈ ভাড়া, ৰঙা ঘৰৰ আলহী উবেৰ চালক…