ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন ৮ সেনা জোৱানত মৃত্যুদণ্ড কাটাৰ আদালতৰ

ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন ৮ সেনা জোৱানত মৃত্যুদণ্ড কাটাৰ আদালতৰ

author-image
Asomiya Pratidin
New Update
 ভাৰতীয় নৌ সেনাৰ  প্ৰাক্তন ৮ সেনা জোৱানত মৃত্যুদণ্ড কাটাৰ আদালতৰ

প্ৰতীকি ফটো

ডিজিটেল ডেস্কঃ ভাৰতীয় নৌ সেনাৰ প্ৰাক্তন ৮ সেনা জোৱানক মৃত্যুদণ্ড বিহিছে কাটাৰ আদালতে। ভাৰত চৰকাৰে এই বিষয়ত সকলো আইনী বিকল্প বিবেচনা কৰি আছে।

Advertisment

৮ জন ভাৰতীয় নাগৰিক 'আল দাহৰা কোম্পানী'ৰ কৰ্মচাৰী। এওলোকক যোৱা বছৰত চোৰাংচোৱাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কাটাৰৰ তৰফৰ পৰা এই ভাৰতীয় লোকসকলৰ বিৰুদ্ধে অনা অভিযোগৰ কোনো কাৰণ ৰাজহুৱা কৰা নাই।

ভাৰতীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে কৈছে যে ই বিষয়টোক যথেষ্ট গুৰুত্ব দিছে আৰু সকলো আইনী বিকল্প বিবেচনা কৰি আছে।

২০২২ চনৰ আগষ্টত গ্ৰেপ্তাৰ কৰা ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াসকলৰ ভিতৰত আছে কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কমাণ্ডাৰ সুগুণকৰ পাকলা, কমাণ্ডাৰ অমিত নাগপাল, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কেপ্টেইন নৱতেজ সিং গিল, কেপ্টেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কেপ্টেইন সৌৰভ বশিষ্ঠ আৰু নাবিক ৰাগেশ গোপাকুমাৰ। এই গৰাকী সেনা জোৱানে তেওঁলোকে আগবঢ়োৱা সেৱাৰ বাবে বহু পদকো লাভ কৰিছে।

এই ৮ ভাৰতীয়ই দহৰা গ্লোবেল টেকন'লজিছ এণ্ড কনচাল্টেন্সি চাৰ্ভিচেছ নামৰ এটা ব্যক্তিগত প্ৰতিষ্ঠানৰ বাবে কাম কৰিছিল, যি কাটাৰৰ সশস্ত্ৰ বাহিনীৰ বাবে প্ৰশিক্ষণ আৰু অন্যান্য সেৱা প্ৰদান কৰে।

এই লোকসকলক ২০২২ চনৰ ৩০ আগষ্টত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু আচৰিত কথা যে তেওঁলোকক মৃত্যুদণ্ড দিয়াৰ কাৰণ এতিয়ালৈকে ৰাজহুৱা কৰা নাই কাটাৰে।

Also Read: মুখ্যমন্ত্রীয়ে এতিয়াৰ পৰা লাভ কৰিব নতুন কাৰ্যালয় ‘লোকসেৱা ভৱন’