প্ৰায় ১ হাজাৰ লোকৰ মৃত্য, ৩০ নিযুত গৃহহীন ! বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তানৰ সহায় ভিক্ষা

প্ৰায় ১ হাজাৰ লোকৰ মৃত্য, ৩০ নিযুত গৃহহীন ! বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তানৰ সহায় ভিক্ষা

author-image
asomiyapratidin
New Update
প্ৰায় ১ হাজাৰ লোকৰ মৃত্য, ৩০ নিযুত গৃহহীন ! বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ পাকিস্তানৰ সহায় ভিক্ষা

ডিজিটেল ডেস্কঃ ভয়াৱহ বানৰ কৱলত পৰিছে চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান। বৰ্তমানলৈকে ৰাষ্ট্ৰখনত অহা বানত প্ৰাণ হেৰুৱাইছে প্ৰায় ১ হাজাৰ লোকে। এই ১ হাজাৰ লোকৰ ভিতৰত আছে ৩৪৩ টা শিশু। আনহাতে বৰ্তমানলৈকে গৃহহীন হৈছে দেশখনৰ ৩০ নিযুত লোক। পৰিস্থিতিৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি পাকিস্তান চৰকাৰে ঘোষণা কৰিছে ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা।

Advertisment

পাকিস্তানৰ ৰাষ্ট্ৰীয় দুৰ্যোগব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে ১৪ জুনৰ পৰা সিন্ধু প্ৰদেশত ৩০৬ জন লোক নিহত হৈছে। আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত সিন্ধু আৰু বেলুচিস্তান প্ৰদেশত ক্ৰমান্বয়ে ৭৮৪ শতাংশ আৰু সামগ্ৰিক ভাৱে ৪৯৬ শতাংশ অতিৰিক্ত বৰষুণ নথিভুক্ত কৰা হৈছে।

দেশখনৰ বেলুচিস্তানত চলিত বাৰিষাত ২৩৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আনহাতে খাইবাৰ পাখতুনখোৱা আৰু পঞ্জাৱ প্ৰদেশত ক্ৰমান্বয়ে ১৮৫ আৰু ১৬৫ জন লোকৰ মৃত্যু হৈছে। একে সময়তে পাক অধিকৃত কাশ্মিৰত ৩৭ জন আৰু গিলবিট-বাল্টিস্তান অঞ্চলত ৯ জন লোকৰ মৃত্যু হৈছে।

পাকিস্তানৰ সংবাদ পত্ৰ ডনৰ বাতৰি অনুসৰি আগষ্ট মাহত পাকিস্তানত ১৬৬.৮ মিমি বৰষুণ হৈছে। যি এই সময়ছোৱাত গড় ৪৮ মিমি বৰষুণতকৈ ২৪১ শতাংশ অধিক। বৰষুণৰ অস্বাভাৱিক বৃদ্ধিৰ ফলত পাকিস্তানৰ দক্ষিণ অংশত আকস্মিক বানপানী হৈছে। যাৰ ফলত সিন্ধু প্ৰদেশৰ ২৩ খন জিলাক ইতিমধ্যে 'দুৰ্যোগ প্ৰভাৱিত' বুলি ঘোষণা কৰা হৈছে।

আনহাতে দেশখনৰ এই দুৰ্যোগপূৰ্ণ অৱস্থাৰ প্ৰসংগত জলবায়ু পৰিৱৰ্তন মন্ত্ৰী শ্বেৰী ৰেহমানে কয় যে, প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰীফে এন ডি এম এত এটা 'ৱাৰ ৰুম' স্থাপন কৰিছে। যি সমগ্ৰ দেশতে সাহায্য অভিযানৰ নেতৃত্ব দিব। তেওঁ কয় যে, ধাৰাবাহিক ধাৰাসাৰ বৰষুণৰ ফলত বিশেষকৈ হেলিকপ্টাৰৰ জৰিয়তে সাহায্য অভিযান তছনছ হৈ আছে।

উল্লেখ্য যে গৃহহীন হোৱা প্ৰায় ৩০ নিযুত লোক ভয়ংকৰ খাদ্য সমস্যাত পৰিছে। অনাহাৰে, অনিদ্ৰাৰে দিন পাৰি কৰিছে লোকসকলে। তেওঁলোকৰ লগতে পাকিস্তান চৰকাৰে বিশ্বসমুদায়ৰ সহায়ৰ আহ্বান কৰিছে। পাকিস্তানৰ এনে দুৰ্যোগপূৰ্ণ পৰিস্থিতিত সহায় কৰিবলৈ আগবাঢ়ি আহিছে চৌদি আৰৱ।

আৰৱে পাকিস্তানক বৰ্তমানৰ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ১ বিলিয়ন ডলাৰ বিনিয়োগ কৰিছে। চৌদি আৰৱৰ বৈদেশিক মন্ত্ৰী প্ৰিন্স ফৈজল বিন ফাৰহানে পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভুট্টো জাৰ্দাৰীৰ সৈতে ফোনত হোৱা বাৰ্তালাপত এই কথা প্ৰকাশ কৰিছে।