উল্কাপিণ্ডৰ দিশ সলনি কৰিলে নাছাই, নাই কোনো বিপদৰ আশংকা...

author-image
Asomiya Pratidin
New Update
উল্কাপিণ্ডৰ দিশ সলনি কৰিলে নাছাই, নাই কোনো বিপদৰ আশংকা...

ডিজিটেল ডেস্ক : পুনৰ এবাৰ ইতিহাস ৰচিলে নাছাই । পৃথিৱীমুখী উল্কাপিণ্ডৰ দিশ সলনি কৰি ভৱিষ্যতৰ বিপদৰ পৰা ৰক্ষা কৰিলে পৃথিৱীক । নাছাৰ ডাৰ্ট অৰ্থাৎ ডাবল এষ্টেৰয়ড ৰিডাইৰেকশ্বন টেষ্টৰ সম্পৰীক্ষাৰ বাবে পৃথিৱীমুখী এটি উল্কাপিণ্ডৰ দিশ সলনি কৰিবলৈ সক্ষম হয় আমেৰিকান মহাকাশ কেন্দ্ৰটো । ডাইমৰ্ফ'ছ নামৰ এই উল্কাপিণ্ডটো প্ৰায় ১৬৯ মিটাৰ দৈৰ্ঘ্যৰ ।

Advertisment

এই সন্দৰ্ভত, নাছাৰ গ্ৰহ বিজ্ঞান বিভাগৰ অধ্যক্ষ লৰি গ্লেজৰ মন্তব্য অনুসৰি, বৰ্তমান এক নতুন যুগত উপস্থিত হৈছে নাছা । এতিয়া কেৱল মহাকাশ যান প্ৰেৰণ কৰাই নহয় বৰং পৃথিৱীবাসীক বিপদজনক উল্কাপিণ্ডৰ পৰাও সুৰক্ষা দিব পাৰে নাছাই ।

মঙলবাৰে ৰাতিপুৱা ভাৰতীয় সময় অনুসৰি প্ৰায় ৪.৪০ বজাত নাছাই এই ডাৰ্টৰ এটি ভিডিঅ' প্ৰকাশ কৰে টুইটাৰত । ইয়াৰ সৈতেই প্ৰায় এখন ফুটবল খেলপথাৰৰ সমান বৃহৎ উল্কাপিণ্ডটো নিকট ভৱিষ্যতত পৃথিৱীমুখী হোৱাৰ কোনো সম্ভাৱনা নথকাৰ কথা উল্লেখ কৰে সংস্থাটোৱে ।

উল্লেখ্য যে, ২০০৫ চনত আমেৰিকাৰ সংসদে নাছাক ২০২০ চনলৈ পৃথিৱীৰ ওচৰে পাজৰে থকা ৪৬০ মিটাৰ ব্যাস অথবা তাতকৈ অধিক ব্যাসৰ উল্কাপিণ্ড সমূহ বিচাৰি যাৱতীয় ব্যৱস্থা ল'বলৈ আদেশ দিছিল । ডাইমৰ্ফ'ছৰ ব্যাস হৈছে ৫০০ মিটাৰ । অৱশ্যে এতিয়াও এনে ১৫,০০০ উল্কাপিণ্ড আৱিষ্কাৰ কৰিবলৈ বাকী আছে নাছাৰ ।

NASA