মহাজাগতিক বিপদৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ নাছাই আৰম্ভ কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম

মহাজাগতিক বিপদৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ নাছাই আৰম্ভ কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম

ডিজিটেল ডেস্ক : সদা পৰিৱৰ্তিত মহাকাশৰ গতি বিধি সম্পৰ্কে পৰ্যাপ্ত পৰিমাণৰ নিৰীক্ষণ কৰি থকাৰ পাছতো সন্তুষ্ট নহয় নাছা । এইবাৰ পৃথিৱী অভিমুখী উল্কাপিণ্ড, ধুমকেতু আদিৰ পৰা পৃথিৱীবাসীক সুৰক্ষিত কৰি ৰাখিবলৈ নাছাই সৃষ্টি কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম ।

যি আগন্তুক দশকসমূহত পৃথিৱী অভিমুখী এনেধৰণৰ সংকটসমূহৰ কথা আগতীয়াকৈ জ্ঞাত কৰিব নাছাক । যাৰ ফলত পৰ্যাপ্ত সময় থাকোতেই ল'ব পৰা যাব ব্যৱস্থা । পৃথিৱীৰ কক্ষপথৰ ৩০ মিলিয়ন মাইল পৰ্যন্ত নজৰ ৰাখিব এই চিষ্টেমে ।

উল্লেখ্য যে, বিগত ৩ টা দশক ধৰি নাছাই অধ্যয়ন কৰি আছিল এন ই অ' নামৰ বিষয়টোৰ ওপৰত । এন ই অ'ৰ অৰ্থ হৈছে নিয়েৰ আৰ্থ অৱজেক্ট । পৃথিৱীৰ ওচৰলৈ অহা যিকোনো ধৰণৰ পদাৰ্থৰ অধ্যয়ণ কৰাৰ অন্তৰালৰ কাৰণ আছিল সৌৰজগতৰ সৃষ্টিৰ অন্তৰালৰ ৰহস্য ভেদ কৰা ।

এই এন ই অ'ৰ সহায়তেই এতিয়া তৈয়াৰ কৰি তোলা হৈছে প্লেনেটেৰী ডিফেন্স চিষ্টেম । অৱশ্যে নাছাৰ এই চিষ্টেমৰ মতে, আগন্তুক ১০০ বছৰলৈ কোনো ধৰণৰ আশংকা নাই পৃথিৱীৰ ।

মহাজাগতিক বিপদৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ নাছাই আৰম্ভ কৰিলে প্লেনেটেৰী ডিফেন্স চিষ্টেম
ভাৰত চৰকাৰক এন এছ চি এন/জিপিআৰএন আকাটো চুমী গোটৰ সৈতে যুদ্ধবিৰতি চুক্তি আহবান চুমী ফ্ৰণ্টলাইন অৰ্গেনাইজেচনৰ

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in