মহাকাশত খোজ কাঢ়িবলৈ সাজু নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী…

মহাকাশত খোজ কাঢ়িবলৈ সাজু নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী…

author-image
asomiyapratidin
New Update
মহাকাশত খোজ কাঢ়িবলৈ সাজু নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী…

ডিজিটেল ডেস্কঃ নাছাৰ দুগৰাকী মহিলা মহাকাশযাত্ৰী ক্ৰিষ্টীনা ক'চ আৰু জেছিকা মীৰে ৰচিব এক ইতিহাস। নাছাৰ এই দুয়োগৰাকী মহিলা মহাকাশযাত্ৰীয়ে খোজকাঢ়িব মহাকাশত। নাছাই সদৰী কৰা অনুসৰি, আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থাটোৰ মহিলাসকলৰ দ্বাৰা আয়োজিত কৰা অভিযানত এইবাৰ প্ৰথমবাৰলৈ খোজ কঢ়া হ'ব মহাকাশত।

Advertisment

ডব্লিউ এছ জেৰ অনুসৰি, ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনত ভিতৰত থাকিব চাৰিজন পুৰুষ মহাকাশযাত্ৰী। আৰু বাহিৰত থাকিব এই দুগৰাকী মহিলা মহাকাশযাত্ৰী। তেওঁলোকে বেটাৰী চাৰ্জাৰৰ মেৰামতি কৰিবৰ বাবে স্পেচ ষ্টেচনটোৰ বাহিৰত থাকিব।

উল্লেখ্য যে, নাছাৰ মহাকাশযাত্ৰী মীৰৰ বাবে মহাকাশত খোজকঢ়া এইটো প্রথম অভিজ্ঞতা হ'ব। আনহাতে, ক'চৰ বাবে এয়া হ'ব চতুৰ্থবাৰৰ অভিজ্ঞতা।