মোডী-বাইডেনৰ আলোচনাত হেৰাল 'বাংলাদেশ' !

বাংলাদেশৰ সাম্প্ৰতীক পৰিস্থিতি, হিন্দুৰ ওপৰত হোৱা আক্ৰমণৰ কথা নাই হোৱাইট হাউচৰ বিবৃতি
মোডী-বাইডেনৰ আলোচনাত হেৰাল 'বাংলাদেশ' !
মোডী-বাইডেনৰ আলোচনাত হেৰাল 'বাংলাদেশ' !
Published on
Updated on

ডিজিটেল ডেস্কঃ বাংলাদেশৰ সাম্প্ৰতীক পৰিস্থিতিৰ সন্দৰ্ভত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ সৈতে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰে হোৱা আলোচনাৰ পাছত হোৱাইট হাউচৰ পৰা প্ৰকাশিত এক বিবৃতিত লৈ দেশৰ ৰাজনীতি উত্তাল হৈ পৰিছে। সমান্তৰালকৈ দক্ষিণ এছিয়াক লৈ আমেৰিকাৰ কূটনৈতিকস্থিতিক লৈয়ো প্ৰশ্ন উত্থাপন হৈছে।

বাংলাদেশৰ সাম্প্ৰতীক পৰিস্থিতিত দেশখনত হিন্দু লোকসকলৰ ওপৰত হোৱা আক্ৰমণৰ বিষয়ে দুই ৰাষ্ট্ৰনেতাই আলোচনা কৰা বুলি উল্লেখ কৰিছিল নৰেন্দ্ৰ মোডীয়ে। কিন্তু হোৱাইট হাউচৰ পৰা প্ৰকাশিত বিবৃতিত সেই বিষয়ে কোনো কথাই উল্লেখ নাই।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বাইডেনৰ সৈতে টেলিফোনিক আলোচনাৰ পাছতে এক্সৰ জৰিয়তে উল্লেখ কৰি লিখিছিল- বাইডেনৰ সৈতে আজি টেলিফোনিক কথা পাতিছিলো। ইউক্ৰেইনৰ পৰিস্থিতিৰ লগতে বিভিন্ন আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ৰ ওপৰত আমাৰ বিষদভাৱে আলোচনা হয়। আমি বাংলাদেশৰ পৰিস্থিতিক লৈয়ো আলোচনা কৰিছো আৰু দ্ৰুতভাৱে স্বাভাৱিক পৰিস্থিতি পুনৰুদ্ধাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব দিছো। বাংলাদেশৰ সংখ্য়ালঘুসকলৰ বিশেষকৈ হিন্দুসকলৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ওপৰত জোৰ দিছো।

মোডীয়ে এক্সত এইদৰে লিখাৰ পাছতেই হোৱাইট হাউচৰ পৰাও এক বিবৃতি প্ৰকাশ কৰা হয়। এই বিবৃতিত বাংলাদেশত শ্বেইখ হাছিনাৰ চৰকাৰৰ পতন, হিন্দুসকলৰ ওপৰত হোৱা আক্ৰমণৰ অভিযোগৰ কোনো কথাই উল্লেখ নাই।

এই বিবৃতিত কোৱা হৈছে ৰাষ্ট্ৰপতি জোছেফ আৰ বাইডেন, আলোচনাত স্থান পাইছে ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ বৈঠকৰ প্ৰসংগও।

উল্লেখ্য যে, যোৱা ৫ আগষ্টত বাংলাদেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনাই দেশ এৰি পলায়ন কৰিছিল। ত্ৰিপুৰা হৈ ভাৰতত প্ৰবেশ কৰা হাছিনাই ভাৰতত এতিয়াও ৰাজনৈতিক আশ্ৰয় লৈ আছে।

হাছিনাৰ পলায়নৰ পাছতেই চুবুৰীয়া দেশখনত সৃষ্টি হোৱা পৰিস্থিতিৰ মাজতে দেশখনৰ সংখ্যালঘুসকলৰ ওপৰত ব্যাপক আক্ৰমণ সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈ আহিছে। মূলতঃ ইছলামিক সংগঠন জামাত ইছলামিয়ে দেশখনত বাস কৰি অহা হিন্দু লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱাৰ অভিযোগ উঠিছে।

এই বিষয়টোক লৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েও উদ্বেগ প্ৰকাশ কৰিছিল। আনকি ৭৮ সংখ্যক স্বাধীনতা দিৱসত দেশবাসীক সম্বোধন কৰাৰ সময়তো মোডীৰ ভাষণত বাংলাদেশৰ হিন্দু লোকসকলৰ প্ৰসংগই স্থান লাভ কৰিছিল।

তেওঁ কৈছিল ১৪০ কোটি হিন্দু বাংলাদেশৰ সংখ্যালঘুলোকসকলৰ নিৰাপত্তাক লৈ চিন্তিত। ভাৰত সদায়েই বাংলাদেশৰ শুভাকাংক্ষী। ভাৰতে বাংলাদেশৰ উন্নয়ন বিচাৰে। আমি আশা কৰিছো বাংলাদেশৰ পৰিস্থিতি শীঘ্ৰেই স্বাভাৱিক হ'ব। ভাৰতে বিচাৰে বাংলাদেশত হিন্দুসহ সকলো সংখ্যালঘুৰে নিৰাপত্তা সুনিশ্চিত হওঁক।

ইফালে বাংলাদেশৰ সাম্প্ৰতীক পৰিস্থিতিৰ সন্দৰ্ভত অভিযোগৰ আঙুলি উত্থাপন হৈছে আমেৰিকাৰ বিৰুদ্ধেও। সেয়ে নৰেন্দ্ৰ মোডীয়ে বাংলাদেশৰ প্ৰসংগ আলোচনা কৰা বুলি উল্লেখ কৰাৰ পাছতো আমেৰিকাই সেই প্ৰসংগত এটাও শব্দ উল্লেখ নকৰা বিষয়টোক লৈ ইয়াৰ আঁৰত আমেৰিকাৰ আন কিবা কূটনীতি জড়িত হৈ আছে নেকি বুলিও প্ৰশ্ন উত্থাপন হৈছে।

কিয়নো ক্ষমতা হেৰুৱাই শ্বেইখ হাছিনাই আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাবেই তেওঁৰ চৰকাৰ পতন হোৱাৰ অভিযোগ মুকলিকৈ কৰিছিল। তাৰোপৰি বাংলাদেশৰ শেহতীয়া সাধাৰণ নিৰ্বাচনত আমেৰিকাই হস্তক্ষেপ কৰাৰো অভিযোগ উঠিছিল।

আমেৰিকাই দেশখনত অনুষ্ঠিত হৈ যোৱা সাধাৰণ নিৰ্বাচনৰ স্বচ্ছতাক লৈয়ো প্ৰশ্ন উত্থাপন কৰিছিল। তাৰোপৰি শ্বেইখ হাছিনাই সেই সময়তেই উল্লেখ কৰিছিল আমেৰিকাই বিচাৰিলে যিকোনো এখন দেশৰে চৰকাৰ পতন ঘটাব পাৰে।

সেয়ে ভাৰতৰ প্ৰধানন্ত্ৰীৰে হোৱা আলোচনাৰ পাছত হোৱাইট হাউচে প্ৰকাশ কৰা বিবৃতিত বাংলাদেশৰ সন্দৰ্ভত এটাও বাক্য উল্লেখ নকৰাত এতিয়া বিষয়টোৱ বিশেষ তাৎপৰ্য বহন কৰিছে।

মোডী-বাইডেনৰ আলোচনাত হেৰাল 'বাংলাদেশ' !
কিয় CBI য়ে এতিয়াও গ্ৰেপ্তাৰ কৰা নাই সন্দীপ ঘোষক? মমতা, অভিষেকৰ সমালোচনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in