প্ৰিয়, নৰেন্দ্ৰ মোডী! আপোনাক ফ্ৰান্সলৈ স্বাগতম: ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

বৰ্তমান ফ্ৰান্সত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ফ্ৰান্সত উপস্থিত হৈছিল মোডী

author-image
Asomiya Pratidin
New Update
প্ৰিয়, নৰেন্দ্ৰ মোডী! আপোনাক ফ্ৰান্সলৈ স্বাগতম: ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ডিজিটেল ডেস্কঃ বৰ্তমান ফ্ৰান্সত আছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে ফ্ৰান্সত উপস্থিত হৈছিল মোডী। ফ্ৰান্সত উপস্থিত হোৱাৰ লগে লগে মোডীক ৰাজকীয় সন্মানেৰে স্বাগতম জনোৱা হয়।

Advertisment

নিশা ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ লগত নৈশ আহাৰ গ্ৰহণ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। তাৰপাছতে শুকুৰবাৰে পুৱা হিন্দীত টুইট কৰে ফ্ৰান্সৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। তেওঁ টুইটটোত লিখে যে, "ভাৰত আৰু ফ্ৰান্সে ২৫ বছৰৰ কৌশলগত অংশীদাৰীত্ব ,বিশ্বাস আৰু বন্ধুত্বৰ এক সদায় শক্তিশালী বান্ধোন উদযাপন কৰিছে। প্ৰিয় নৰেন্দ্ৰ মোডী, পেৰিছত আপোনাক স্বাগতম''।

উল্লেখ্য যে, আজি অনুষ্ঠিত হ'বলগীয়া এক বিশেষ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বেলিষ্ট দিৱস উদযাপনৰ সময়ত যি পেৰেড হ'ব তাত ভাৰতীয় সেনাৰ ৩ বাহিনীয়েও অংশগ্ৰহণ কৰিব।

Also Read: পথৰ দুৰৱস্থাঃ ৰাইজে ভুঁই ৰুই সাব্যস্ত কৰিলে প্ৰতিবাদ

emmanuel macron narendra modi