ম্যানমাৰত সামৰিক বাহিনীয়ে ভংগ কৰিলে চ্যু কীৰ এনএলডি দল...

সামৰিক অভ্যুত্থান ঘটা চুবুৰীয়া ম্যানমাৰত গণতন্ত্ৰৰ দিন উকলিল। এটাৰ পাছত আন এটাকৈমুঠ ৪০ টা ৰাজনৈতিক দল ভংগ কৰিলে সামৰিক জুণ্টাই

author-image
Asomiya Pratidin
New Update
ম্যানমাৰত সামৰিক বাহিনীয়ে ভংগ কৰিলে চ্যু কীৰ এনএলডি দল...

চ্যু কী

ডিজিটেল ডেস্কঃ সামৰিক অভ্যুত্থান ঘটা চুবুৰীয়া ম্যানমাৰত গণতন্ত্ৰৰ দিন উকলিল। এটাৰ পাছত আন এটাকৈমুঠ ৪০ টা ৰাজনৈতিক দল ভংগ কৰিলে সামৰিক জুণ্টাই। জুণ্টাবাহিনীয়ে ভংগ কৰিলে শান্তিৰ নৱেল বিজয়ী গণতান্ত্ৰিক নেত্ৰী আং চাং চ্যুকীৰ ৰাজনৈতিক দল নেচনেল লীগ ফৰ ডেমক্ৰেচী। ম্যানমাৰৰ দূৰদৰ্শনৰ বাতৰি অনুসৰি পঞ্জীয়নৰ সময়সীমাৰ ম্যাদ উকলি যোৱাৰ পিছতেই ভংগ কৰা হৈছে এনএলডি ৰাজনৈতিক দলৰ সৈতে মুঠ ৪০ টাকৈ ৰাজনৈতিক দলক।

Advertisment

প্ৰকাশিত খবৰ অনুসৰি দেশখনৰ সামৰিক বাহিনীৰ দ্বাৰা পৰিচালিত নিৰ্বাচন আয়োগে নতুন নিৰ্বাচনী আইনৰ অধীনত পুনৰ পঞ্জীয়ন কৰাত ব্যৰ্থ হোৱাৰ বাবেই এই ৰাজনৈতিক দলসমূহক ভংগ কৰাৰ কথা ঘোষণা কৰিছে ।

উল্লেখ্য, চলিত বৰ্ষৰ জানুৱাৰী মাহত দেশখনৰ সামৰিক বাহিনীয়ে ৰাজনৈতিক দলসমূহক এখন কঠোৰ নতুন নিৰ্বাচনী আইনৰ অধীনত পুনৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল । ইয়াৰ বাবে ৰাজনৈতিক দলসমূহক দুমাহ সময় নিৰ্ধাৰণ কৰিদিছিল আয়োগে।

মন কৰিবলগীয়া, ২০২০ চনৰ নৱেম্বৰ মা্হত ম্যানমাৰত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত চ্যু কী নেতৃত্বাধীন দলটোৱে বিপুল জয় লাভ কৰি ক্ষমতালৈ আহিছিল ।  ইয়াৰ ঠিক তিনিমাহৰ পিছতেই দেশখনত সামৰিক বাহিনীৰ উত্থান ঘটে ।

কোভিড নীতি ভংগ কৰাৰ অপৰাধাত আং চান চ্যু কীকে ধৰি বহু কেইগৰাকী ৰাজনৈতিক নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰাৰ লগতে গণতান্ত্ৰিক চৰকাৰ ভংগ কৰে। ইয়াৰ পাছতে উত্তপ্ত হৈ পৰিছিল ম্যানমাৰ। চ্যুকীৰ সমৰ্থনত আৰু গণতন্ত্ৰ ৰক্ষাৰ বাবে ৰাজপথলৈ ওলাই অহা সৰ্বস্তৰৰ জনতাৰ ওপৰত সেনাই চলাইছিল নিৰ্যাতন। এই নিৰ্যাতনৰ বলি হৈয়ে মৃত্যু হৈছে হাজাৰ হাজাৰ জনতা। যাৰ মাজত আছে জনপ্ৰিয় অভিনেতা, কণ্ঠশিল্পী, ৰাজনৈতিক দলৰ কৰ্মী আদি।

Also Read: পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ দ্বাৰা প্ৰৱন্ধ প্ৰতিযোগিতা...

#Aung San Suu Kyi