পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ দ্বাৰা প্ৰৱন্ধ প্ৰতিযোগিতা...

পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ দ্বাৰা জাতীয় শ্বহীদ গৰাকীৰ স্মৃতিত আয়োজন কৰা হৈছে আন্ত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতা

author-image
Asomiya Pratidin
New Update
পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চৰ দ্বাৰা প্ৰৱন্ধ প্ৰতিযোগিতা...

ডিজিটেল ডেস্ক: পৰাগ কুমাৰ দাস স্মৃতি সুৰক্ষা মঞ্চ দ্বাৰা জাতীয় শ্বহীদ গৰাকীৰ স্মৃতিত আয়োজন কৰা হৈছে আন্ত মহাবিদ্যালয় তথা বিশ্ববিদ্যালয় ভিত্তিত প্ৰৱন্ধ প্ৰতিযোগিতা।এই প্ৰৱন্ধ প্ৰতিযোগিতাৰ বিষয় বস্তু হৈছে "অসমৰ অৰ্থনৈতিক সম্ভাৱনীয়তা আৰু পৰাগ কুমাৰ দাসৰ সমীক্ষা"।

Advertisment

অনুষ্ঠানটোয়ে প্ৰকাশ কৰা অনুসৰি, প্ৰতিযোগিতাৰ নিয়মাৱলী হ'ল-

-হাতে লিখা প্ৰৱন্ধৰ বিপৰীতে টাইপ কৰি মেইল বা হোৱাটছএপ যোগে প্ৰেৰণ কৰিব লাগিব।

-প্ৰৱন্ধৰ সৈতে নাম, ঠিকনা তথা ফটো সন্নিবিষ্ট থাকিব লাগিব।

-প্ৰৱন্ধ সমূহ ১ এপ্ৰিলৰ পৰা ১৬ মে'ৰ নিশা ১২ বজাৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।

উল্লেখ্য যে, শ্বহীদ গৰাকীৰ মৃত্যু তিথি উপলক্ষে ১৭ মে'ৰ দিনৰ ১২ বজাৰ পৰা নিৰ্বাচিত প্ৰৱন্ধ সমূহ অনুষ্ঠানটিৰ ফেচবুক পেজত প্ৰকাশ পাব। মানপত্ৰ তথা পুৰস্কাৰ প্ৰদান কৰিব লগীয়া এই প্ৰতিযোগিতা খনিৰ ফলাফল ১৭ মে'ৰ নিশা ১২ বজাৰ পূৰ্বে প্ৰকাশ কৰাৰ কথা কৰ্তৃপক্ষই অৱগত কৰিছে।তদুপৰি বাতৰি কাকত-আলোচনী আদিত প্ৰতিযোগিতাৰ ফলাফল প্ৰকাশ পাব।

parag kumar das