Myanmar military attacks: যুদ্ধ বিৰতিৰ সুযোগ লৈ জুণ্টাই বৃদ্ধি কৰিছে আক্ৰমণ...

যোৱা ছমাহৰ তুলনাত বিদ্ৰোহীয়ে যুদ্ধ বিৰতি ঘোষণাৰ পাছত বিমান আক্ৰমণৰ প্ৰকোপ বৃদ্ধি পাইছে। উল্লেখ্য যে, যোৱা ২৮ মাৰ্চত বৰ ভূঁইকপে জোকাৰি গৈছিল ম্যানমাৰক।

author-image
Tushar Pratim
New Update
Myanmar military attacks: যুদ্ধ বিৰতিৰ সুযোগ লৈ জুণ্টাই বৃদ্ধি কৰিছে আক্ৰমণ...

ডিজিটেল ডেস্কঃ বিগত মাহত অহা শক্তিশালী ভূমিকম্পৰ পাছত ম্যানমাৰৰ বিদ্ৰোহী সংগঠনসমূহে সাময়িকভাৱে যুদ্ধ বিৰতি ঘোষণা কৰিছিল যদিও ম্যানমাৰৰ সামৰিক শাসক জুণ্টাই ভূমিকম্পৰ পাছত অধিক আগ্ৰাসী ৰূপহে ধাৰণ কৰিছে। যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছতো জুণ্টাৰ আক্ৰমণ অব্যাহত আছে। 

Advertisment

যোৱা শুকুৰবাৰে ৰয়টাৰৰ এক প্ৰতিবেদনত প্ৰকাশিত খবৰ অনুসৰি, যোৱা ছমাহৰ তুলনাত বিদ্ৰোহীয়ে যুদ্ধ বিৰতি ঘোষণাৰ পাছত বিমান আক্ৰমণৰ প্ৰকোপ বৃদ্ধি পাইছে। উল্লেখ্য যে, যোৱা ২৮ মাৰ্চত বৰ ভূঁইকপে জোকাৰি গৈছিল ম্যানমাৰক।

এই ভূমিকম্পৰ ফলত চুবুৰীয়া দেশখনৰ হাজাৰ হাজাৰ অট্টালিকা, বাসগৃহ, বিদ্যালয়, দলং আদি ধ্বংস হোৱাৰ লগতে চৰকাৰী তথ্য অনুসৰিয়েই ৩৭৬৩ গৰাকী লোকৰ মৃত্যু হৈছে। একিয়াও সন্ধানহীন হৈ আছে ১১০ জন লোক। আহত লোকৰ সংখ্যাও ৫০০০ তকৈ অধিক।

গৃহ যুদ্ধত জৰ্জৰিত এই দেশখনে সন্মুখীন হোৱা এনে প্ৰাকৃতিক বিপৰ্যয়ৰ পাছত মানৱীয় সাহায্যৰ বিষয়টো বিবেচনা কৰি বিদ্ৰোহী সংগঠনসমূহে একপক্ষীয়ভাৱে ২০ দিনীয়া যুদ্ধ বিৰতি ঘোষণা কৰিছিল। তাৰ পাছত চলিত মাহৰ আৰম্ভণিতে বেংককত জুণ্টা প্ৰশাসনৰ মুৰব্বী জ্যেষ্ঠ জেনেৰেল মিং আং হ্লাইং আৰু মালয়েছিয়াৰ প্ৰধানমন্ত্ৰী আনোৱাৰ ইব্ৰাহিমৰ মাজত হোৱা এক আলোচনাৰ অন্তত বিদ্ৰোহী গোটসমূহে তেওঁলোকৰ যুদ্ধ বিৰতিৰ সময়সীমা ৩০ এপ্ৰিললৈ বৃদ্ধি কৰে।

কিন্তু লক্ষ্যণীয় ভাৱে বিদ্ৰোহীসকলে একপক্ষীয় ভাৱে যুদ্ধ বিৰতি ঘোষণা কৰাৰ পাছতো জুণ্টা বাহিনীয়ে আক্ৰমণৰ ধাৰাবাহিকতা অব্যাহত ৰাখে। ক্ষমতাৰ ৰাগিত মাতাল জুণ্টাই প্ৰাকৃতিক বিপৰ্যয়ত দেশ ধ্বংস হোৱাৰ সময়তো দেশবাসীক উদ্ধাৰৰ বিপৰীতে অধিক গুৰুত্ব দিছে বিদ্ৰোহীক দমনতহে।

ফলত পৰিস্থিতি এনে পৰ্যায় পালেগৈ যে, ভূমিকম্পৰ পৰা ৰক্ষা পোৱা দেশবাসীয়ে নিজেই খালী হাতেৰে ধ্বংস্তূপত উদ্ধাৰ অভিযান চলাবলগীয়া হৈছিল। ৰয়টাৰ্ছে ৰাষ্ট্ৰসংঘৰ ACLED ৰ প্ৰতিবেদনৰ তথ্যৰ আধাৰত প্ৰকাশ কৰা এক প্ৰতিবেদনত উল্লেখ কৰিছে যে, যোৱা ২৮ মাৰ্চৰ পৰা ২৪ এপ্ৰিলৰ ভিতৰ জুণ্টা বাহিনীয়ে ১৪০ টা বিমান আক্ৰমণ, ২৪ টা আৰ্টিলাৰী বেৰেজকে ধৰি অতি কমেও ২০৭ টা আক্ৰমণ কৰিছে।

ইয়াৰে ১৭২ টাতকৈ অধিক আক্ৰমণ হৈছে যুদ্ধ বিৰতি ঘোষণাৰ পাছত। তাৰে আকৌ ৭৩ টা আক্ৰমণ হৈছে ভূমিকম্পই যথেষ্ট ক্ষতি কৰা অঞ্চলত। লক্ষ্যণীয়ভাৱে ভূমিকম্পৰ পূৰ্বৰ ৬ মাহৰ তুলনাত ভূমিকম্পৰ পিছত সামৰিক বাহিনীৰ আক্ৰমণ বৃদ্ধি পাইছে ম্যানমাৰত।

এনে আক্ৰমণত নিহত হৈছে বহু কেইজন সাধাৰণ নাগৰিক। ২ এপ্ৰিলৰ পৰা ১৮ এপ্ৰিলৰ ভিতৰত দৈনিক গড়ে ৯.৭টা বিমান বা ড্ৰোন আক্ৰমণ হৈছে ম্যানমাৰত। এই সময়ছোৱাত হোৱা আকাশী আক্ৰমণত ১০৫ জন লোকৰ মৃত্যু হোৱাৰ অনুমান কৰা হৈছে।

অৱশ্যে একাংশ বিদ্ৰোহী গোট যিয়ে যুদ্ধ বিৰতি ঘোষণা কৰা নাছিল তেওঁলোকে জুণ্টা বাহিনীৰ বিৰুদ্ধে প্ৰতিৰোধমূলক আক্ৰমণ অব্যাহত ৰাখিছে বুলিও জানিব পৰা গৈছে। 

 

 

ম্যানমাৰ