/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/a34da96d-20ff-4f29-92bd-64cd0fcffd52/_m.jpg)
ডিজিটেল সংবাদ, ৱাখা: ইণ্ডো - ম্যানমাৰ সীমান্তৰ মধ্য ছাগাইঙি এখন বিদ্যালয়ত সোমবাৰে সামৰিক জুণ্টা সেনাই হেলিকপ্টাৰে প্ৰায় এঘণ্টা ধৰি গুলীচালনা চলায়। মঙলবাৰে এই তথ্য প্ৰকাশ কৰে জুণ্টা সেনাই। এই ভয়ংকৰ গুলীচালনা কৰাৰ ফলত ৭টা শিশুকে ধৰি কমেও ১৩ জন লোকৰ মৃত্যু আৰু ১৫ জন সন্ধানহীন হোৱা বুলি জানিব পৰা গৈছে ।
প্ৰাপ্ত খবৰ অনুসৰি সোমবাৰে মধ্য ছাগাইং অঞ্চলৰ লেট য়েট ক’নে গাঁৱত বিদ্ৰোহীয়ে স্কুল ঘৰটো ব্যৱহাৰ কৰি জুণ্টা বাহিনীক আক্ৰমণ কৰাৰ বাবেই গুলীচালনা কৰা বুলি প্ৰকাশ কৰিছে। ম্যানমাৰ সেনাই প্ৰায় এঘণ্টা ধৰি একেৰাহে ৰকেট আৰু তাৰ পিছত মেচিনগানেৰে গুলী নিক্ষেপ কৰিছিল।
ইৰাৱাডী নিউজ প’ৰ্টেলত প্ৰকাশ পোৱা বাতৰি অনুসৰি গাঁওখনৰ এটা বৌদ্ধ মঠত থকা বিদ্যালয়খনত সেনাৰ দুখন হেলিকপ্টাৰে গুলীচালনা কৰিছিল। তাবায়িন চহৰৰ বাসিন্দাসকলে প্ৰকাশ কৰা মতে, বিয়লি চাৰিখন হেলিকপ্টাৰ লেট য়েট ক’নে গাঁৱৰ কাষ চাপিছিল।
ইয়াৰে দুখন হেলিকপ্টাৰ অৱতৰণ কৰি প্ৰায় ৮০ জন জন্টা সৈন্য নিয়োগ কৰাৰ বিপৰীতে বাকী দুখনে ওচৰৰ মহা ধম্মাৰান্থীত অৱস্থিত এখন মাধ্যমিক বিদ্যালয়ত গুলীচালনা কৰে । বিদ্যালয়খনত অভিযান চলোৱা জোৱানসকল ছাগাইঙৰ কালে চহৰৰ কি ক’নে গাঁৱত অৱস্থিত দশম মিলিটাৰী অপাৰেচন কমাণ্ডৰ অধীনত থকা লাইট ইনফেণ্ট্ৰি বেটেলিয়ন ৩৬৮ ৰ আছিল আৰু অধিকাংশই সেনাই সম্পূৰ্ণ সামৰিক ইউনিফৰ্মৰ পৰিৱৰ্তে শ্বৰ্ট বা শ্বেটপেণ্ট পিন্ধিছিল ।
এই গুলীচালনাত একাংশ লোক থিতাতে নিহত হোৱাৰ বিপৰীতে গাঁওখনত সৈন্য প্ৰৱেশ কৰাৰ পিছতে আন একাংশ লোকৰ মৃত্যু হয় বুলি বাতৰি প্ৰকাশ পাইছে। পিছত মৃতদেহবোৰ সেনাই ১১ কিলোমিটাৰ দূৰত্বৰ এখন চহৰলৈ লৈ যায় আৰু সমাধিস্থ কৰে।
গাঁৱখনৰ এজন বাসিন্দাই সংবাদ মাধ্যমক ফোন কৰি জনোৱা মতে, অঞ্চলটোত প্ৰায় ২০০০ জন লোকে ঘৰৰ পৰা পলায়ন কৰিছে। এক বিবৃতিত সেনাই জনোৱা মতে, কাচিন ইণ্ডিপেন্ডন্স আৰ্মি নামৰ এটা বিদ্ৰোহী গোট আৰু পিপলছ ডিফেন্স ফৰ্চ (পিডিএফ) নামৰ সশস্ত্ৰ গেৰিলাৰ সংগঠন কেডাৰ বৌদ্ধ মঠটোত লুকাই বুলি সন্দেহ কৰি হেলিকপ্টাৰেৰে পঠোৱা নিৰাপত্তা বাহিনীয়ে গুলিচালনা কৰে ।
এই সংঘৰ্ষত গাঁৱৰ একাংশ লোক নিহত হৈছে আৰু আহতসকলক চিকিৎসাৰ বাবে ৰাজহুৱা চিকিৎসালয়লৈ লৈ যোৱা হৈছে। বিমান আক্ৰমণৰ পিছতে গ্ৰেপ্তাৰ কৰা ২০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকক মুকলি কৰি দিবলৈও আহ্বান এন ইউ জিয়ে। সোমবাৰে ইউনিচেফ ম্যানমাৰে এক বিবৃতি প্ৰকাশ কৰি এই জুণ্টা সামৰিক বাহিনীৰ এই আক্ৰমণক গৰিহণা দি সন্ধানহীন ছাত্ৰ-ছাত্ৰীসকলক মুকলি কৰি দিবলৈ সেনাক আহ্বান জনায়।
উল্লেখযোগ্য যে নিউয়ৰ্কস্থিত গ্ল’বেল ক’লিচন টু প্ৰটেক্ট এডুকেচন ফ্ৰম এটেকে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি ২০২১ চনত ম্যানমাৰত বিদ্যালয় আক্ৰমণৰ ১৯০ খনলৈ বৃদ্ধি পাইছে।