নৃশংস জুণ্টা বাহিনীৰ বৰ্বৰতাঃ বিদ্যালয় চলি থাকোতেই নিক্ষেপ কৰিলে বোমা, ২০ শিক্ষাৰ্থীয়ে হেৰুৱালে প্ৰাণ

সোমবাৰে ম্যানমাৰৰ সেনাই বিদ্ৰোহীৰ দখলত থকা অঞ্চলত বিমান আক্ৰমণেৰে ধ্বংসলীলা চলালে। ম্যানমাৰৰ সেনাৰ এই বিমান আক্ৰমণৰ ফলত কমেও ২০ জন ছাত্ৰ-ছাত্ৰীৰ মৃত্যু হয়। 

author-image
Tushar Pratim
New Update
নৃশংস জুণ্টা বাহিনীৰ বৰ্বৰতাঃ বিদ্যালয় চলি থাকোতেই নিক্ষেপ কৰিলে বোমা, ২০ শিক্ষাৰ্থীয়ে হেৰুৱালে প্ৰাণ

ডিজিটেল ডেস্কঃ সোমবাৰে ম্যানমাৰৰ সেনাই বিদ্ৰোহীৰ দখলত থকা অঞ্চলত বিমান আক্ৰমণেৰে ধ্বংসলীলা চলোৱাৰ খবৰ পোৱা গৈছে। ম্যানমাৰৰ সেনাৰ এই বিমান আক্ৰমণৰ ফলত বোমা পৰি মধ্য ছাগাইং অঞ্চলৰ এখন বিদ্যালয়ৰ কমেও ২০ জন ছাত্ৰ-ছাত্ৰী আৰু দুজন শিক্ষকৰ মৃত্যু হয়। 

Advertisment

খবৰ অনুসৰি পুৱা দেপাইন নামেৰেও পৰিচিত টাবাইন চহৰৰ অহেই থিন টুইন গাঁৱত সংঘটিত হোৱা এই আক্ৰমণত কেইবা ডজন ছাত্ৰ-ছাত্ৰী আহত হয়। এই সন্দৰ্ভত ম্যানমাৰৰ সামৰিক চৰকাৰ বা চৰকাৰী সংবাদ মাধ্যমৰ কোনো আনুষ্ঠানিক মন্তব্য প্ৰকাশ কৰা নাই।

২০২১ চনৰ ফেব্ৰুৱাৰী মাহত গণতান্ত্ৰিকভাৱে নিৰ্বাচিত আন চাং চ্যু কিৰ চৰকাৰক উৎখাত কৰি সামৰিক অভ্যুত্থানৰ পিছৰে পৰা সমগ্ৰ ম্যানমাৰত সশস্ত্ৰ বিদ্ৰোহৰ দমন কৰিবলৈ সামৰিক বাহিনীয়ে আকাশ মাৰ্গৰে আক্ৰমণ অব্যাহত ৰাখিছে। মানৱ অধিকাৰ সংগঠনসমূহে অনুমান কৰা অনুসৰি এই পৰ্যন্ত দেশখনত ৬৬০০ ৰো অধিক সাধাৰণ নাগৰিক সেনা বাহিনীৰ হাতত নিহত হৈছে। 

সামৰিক শাসনৰ বিৰোধিতা কৰা বিদ্ৰোহী গোটসমূহৰ ভিতৰত অন্যতম হোৱাইট ডেপাইন পিপলছ ডিফেন্স ফ’ৰ্চৰ এজন সদস্যই ‘দ্য এছ’চিয়েটেড প্ৰেছক জনোৱা মতে, প্ৰাথমিক পৰ্যায়ৰ পৰা হাইস্কুল পৰ্যন্ত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়ত অধ্যয়নৰত অৱস্থাত পুৱা প্ৰায় ৯ বজাৰ পিছতে এখন যুঁজাৰু বিমানে বিদ্যালয় ভৱনত বোমা নিক্ষেপ কৰে। ম্যানমাৰৰ দ্বিতীয় বৃহত্তম চহৰ মাণ্ডেলেৰ পৰা প্ৰায় ১১৫ কিলোমিটাৰ (৭০ মাইল) উত্তৰ-পশ্চিমে অৱস্থিত এই গাঁওখন।

বোমা বিস্ফোৰণৰ পিছত ভুক্তভোগীক উদ্ধাৰ কৰাত সহায় কৰা বিদ্ৰোহী গোটৰ সদস্যসকলে আহতক উদ্ধাৰৰ চেষ্টা কৰে। তেওঁ কয়, গণতন্ত্ৰ সমৰ্থক গোটৰ দ্বাৰা পৰিচালিত বিদ্যালয়খন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ ফলত প্ৰায় ৫০ জন লোক আহত হোৱাৰ লগতে কেইবাজনো লোকৰ মৃত্যু হৈছে। বিস্ফোৰণত কাষৰ তিনিটা ঘৰো ক্ষতিগ্ৰস্ত হয়। 

তেওঁ লগতে কয় যে ছাগাইং বিদ্ৰোহীৰ দুৰ্গ যদিও বিগত কিছুদিনত অঞ্চলটোত কোনো ধৰণৰ যুদ্ধ সংঘটিত হোৱা নাই। বিৰোধী নেশ্যনেল ইউনিটি গভৰ্ণমেণ্টৰ এগৰাকী মুখপাত্ৰই ‘দ্য এছ’চিয়েটেড প্ৰেছ’ক জনোৱা মতে, তেওঁ হতাহতিৰ বিষয়ে একে তথ্য লাভ কৰিছে, আৰু মৃত্যুৰ সংখ্যা বৃদ্ধি হোৱাৰ আশংকা আছে। 

তেওঁ অভিযোগ কৰে যে সেনাই ইচ্ছাকৃতভাৱে সামৰিক বাহিনীয়ে মঠ, শৰণাৰ্থী শিবিৰ, বিদ্যালয় আৰু চিকিৎসালয়ত সাধাৰণ নাগৰিকক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপন কৰে। সামৰিক বাহিনীয়ে এনে স্থানসমূহৰ বিদ্ৰোহীসকলে আশ্ৰয় লৈ থকাৰ অজুহাতত এইদৰে আক্ৰমণ অব্যাহত ৰাখিছে।

সোমবাৰে সংঘটিত হোৱা বোমা বিস্ফোৰণত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭ৰ পৰা ২০ জনৰ ভিতৰত হ’ব বুলি অনুমান কৰিছে ম্যানমাৰৰ স্বতন্ত্ৰ সংবাদ মাধ্যমে।

উল্লেখ্য যে, ভাৰতৰ সীমান্তৰ অঞ্চল ছাগাইং অঞ্চল সশস্ত্ৰ বিদ্ৰোহীৰ দুৰ্গ হিচাপে পৰিগণিত হৈছে। সেয়েহে শেহতীয়া বছৰবোৰত সেনাই স্থানীয় গণতন্ত্ৰ সমৰ্থক জনপ্ৰতিৰক্ষা বাহিনীৰ বিৰুদ্ধে বিমান আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। বিমান আক্ৰমণ প্ৰতিৰোধ কৰিব পৰাকৈ বিদ্ৰোহী সক্ষম নহয়। অৱশ্যে স্থল পথেৰে বিদ্ৰোহীৰ এই অঞ্চলক দিশে চাবলৈয়ো সাহস কৰিব পৰা নাই সামৰিক বাহিনীয়ে। 

 

ম্যানমাৰ