ম্যনমাৰৰ প্ৰশাসনিক আৰু বাণিজ্যিক ঘাটিও বিদ্ৰোহীৰ দখলতঃ বিপদত সামৰিক জুণ্টা বাহিনী...

ম্যানমাৰত বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ সংঘাতৰ মাজতে বাংলাদেশ সীমান্ত নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে বিদ্ৰোহীয়ে। এইবাৰ বিদ্ৰোহীৰ লক্ষ্য প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহ। 

author-image
Tushar Pratim
New Update
ম্যনমাৰৰ প্ৰশাসনিক আৰু বাণিজ্যিক ঘাটিও বিদ্ৰোহীৰ দখলতঃ বিপদত সামৰিক জুণ্টা বাহিনী...

ডিজিটেল ডেস্কঃ গৃহ যুদ্ধত বিধ্বস্ত ম্যানমাৰত বিদ্ৰোহী আৰু সামৰিক বাহিনীৰ মাজৰ সংঘাত তীব্ৰতৰ হৈ পৰিছে। দেশখনৰ বাংলাদেশ সীমান্ত নিজৰ দখললৈ নিয়াৰ পিছত এইবাৰ বিদ্ৰোহীৰ লক্ষ্য হৈ পৰিছে দেশখনৰ প্ৰশাসনিক আৰু বাণিজ্যিক কেন্দ্ৰসমূহ। 

Advertisment

বিদ্ৰোহী মিত্ৰজোঁটৰ সৰ্ববৃহৎ গোট আৰাকান আৰ্মীয়ে যোৱা কেইদিনমানৰ পৰা ধাৰাবাহিকভাৱে আক্ৰমণ চলাই কিয়াউকপিউ বন্দৰৰ সমীপত থকা চীনৰ এটা ঔদ্যোগিক বিনিয়োগ কেন্দ্ৰ নিজৰ অধীনলৈ নিছে। এই কেন্দ্ৰটো দখললৈ অনাৰ সময়তে হোৱা সংঘৰ্ষত জুণ্টা বাহিনীৰ এজন বিগ্ৰেডীয়াৰ জেনেৰলৰো বিদ্ৰোহীৰ হাতত মৃত্যু হৈছে। 

ম্যানমাৰৰ বিতাৰিত গণতান্ত্ৰিক নেত্ৰী আং চান চ্যু কিৰ সমৰ্থক তথা স্বঘোষিত ‘ৰাষ্ট্ৰীয় ঐক্য চৰকাৰ’ৰ দ্বাৰা নিয়ন্ত্ৰিত সংবাদ মাধ্যম ইৰাৱাডীয়ে প্ৰকাশ কৰা অনুসৰি কিয়াউকপিউ চহৰৰ পৰা মাত্ৰ ৫ কিলোমিটাৰ দক্ষিণে থকা পিয়াং চি কে অঞ্চলত আৰাকান সেনাই জুন্টা সেনাৰ এটা বেটেলিয়নৰ মুখ্য কাৰ্যালয় ঘেৰাও কৰিছে। 

কিয়াউকপিউ-ৰামৰি ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ পিয়াং ছি কাই চহৰতো দখল কৰিছে তেনে এক কাৰ্যালয় নিজৰ দখললৈ নিছে। অৱশ্যে তেওঁলোকক কিয়াউকপিউ চহৰত নিয়োজিত সেনা ব্ৰিগেডে এতিয়াও প্ৰতিহত কৰাৰ চেষ্টা চলাই আছে। এই অঞ্চলতে আছে এটা চীনৰ তেল শোধনাগাৰ। এই শোধানাগৰ বিদ্ৰোহীৰ লক্ষ্য হৈ পৰিছে যদিও এই পৰ্যন্ত তাত প্ৰবেশ কৰিব পৰা নাই। 

আৰাকান সেনাই দেশখনৰ বাণিজ্যিক ৰাজধানী হিচাপে পৰিচিত তথা আৰু পূৰ্বৰ ৰাজধানী ইয়াংগনৰ কাষৰ থাণ্ডৱে নৌসেনা ঘাটিটো নিয়ন্ত্ৰণলৈ আনিছে। চুবুৰীয়া চহৰ গাৱা তেওঁলোকৰে নিয়ন্ত্ৰণত আছে। 

বিদ্ৰোহীয়ে পিয়ংইয়াং দখল কৰি ইয়াংগনৰ দিশে অভিযান আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে বুলি অনুমান কৰা হৈছে। উল্লেখ্য যে, চলিত সপ্তাহৰ আৰম্ভণিতে বিদ্ৰোহী গোটৰ স্নাইপাৰ আক্ৰমণত জুন্টাৰ ১১ নং বেটেলিয়নৰ অধিনায়ক ক্যয় ম্যো আং আৰু এজন সেনাৰ কেপ্তেইন নিহত হৈছিল। জানিব পৰা মতে শুকুৰবাৰে তেওঁলোকৰ মৃতদেহ হেলিকপ্টাৰৰ জৰিয়তে ইয়াংগনলৈ প্ৰেৰণ কৰা হয়।

স্মৰ্তব্য, ম্যানমাৰৰ বিদ্ৰোহী আৰাকান আৰ্মীয়ে ইতিমধ্যে বাংলাদেশ সীমান্তৰ ৰখাইন প্ৰদেশৰ প্ৰায় ৯০ শতাংশ অঞ্চল দখল কৰিছে। তাৰোপৰি আৰাকান আৰ্মীয়ে মিত্ৰ বিদ্ৰোহী সংগঠন কেৰেন নেচনেল লিবাৰেশ্যন আৰ্মীৰ সহায়ত মণিপুৰৰ গাতে লাগি থকা চিন প্ৰদেশৰো অধিকাংশ অংশ তেওঁলোকৰ দখললৈ নিছে। 

নতুন জুন্টা বিৰোধী মিত্ৰজোঁট ‘চিন ব্ৰাদাৰহুড’ৰ অন্তৰ্গত ‘য়াও ডিফেন্স ফৰ্চ’, ছাগাইং অঞ্চলত সক্ৰিয় ‘য়াও আৰ্মী’ আৰু ‘মনিৱা পিপলছ ডিফেন্স ফৰ্চ’ আদিয়েও আৰাকান আৰ্মীক সহযোগিতা কৰি জুন্টা বাহিনীৰ বিৰুদ্ধে যুদ্ধ তীব্ৰতৰ কৰি তুলিছে।

ম্যানমাৰ