/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/04/151338iimm_kalerkantho_pic.jpg)
ডিজিটেল ডেস্কঃ দেশত ৰাজনৈতিক পৰিৱেশৰ সমান্তৰালকৈ ভাৰত-পাকিস্তানৰ মাজৰ সম্পৰ্কইও সমানে চৰ্চিত বিষয় হৈ আছে। ৰাজনৈতিক দলসমূহে নিৰ্বাচনী প্ৰচাৰ চলাই ভাৰত-পাকিস্তানৰ শত্ৰুতা আৰু পাক সন্ত্ৰাসবাদীক ইছ্যু হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে। তেনে এক সময়তে পশ্চিমবংগৰ আচানছোলৰ বিজেপি প্ৰাৰ্থী মুনমুন সেনে কৰা এক মন্তব্যই এতিয়া ৰাজনৈতিক মহলত তোলপাৰ লগোৱাৰ আশংকা কৰা হৈছে।
সংবাদ সংস্থা পিটিআইক দিয়া এক সাক্ষাৎকাৰত মুনমুন সেনে পাকিস্তানৰ প্ৰধানমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিকেটাৰ ইমৰান খান তেওঁৰ ভাল বন্ধু বুলি মন্তব্য কৰি কয়, 'ইমৰান আমাৰ পুৰণি বন্ধু। কিন্তু এতিয়া আমাৰ মাজত কোনো যোগাযোগ নাই।' ইফালে বৰ্তমান সময়ত চলি থকা বিভেদৰ ৰাজনীতি সন্দৰ্ভত তেওঁ কয়, 'এয়া অতি ভয়ংকৰ। এনেকুৱা ৰাজনীতি কেতিয়াও হ'ব নালাগে।'
যদি পাক প্ৰধানমন্ত্ৰী ইমৰান খানৰ সৈতে সাক্ষাৎ হয়, তেন্তে কথা পাতিবনে নাই বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি মুনুমন সেনে কয়, 'কিয় নাপাতিম। তেওঁ আমাৰ বন্ধু।' অৱশ্যে দুই ৰাষ্ট্ৰৰ দ্বিপাক্ষিক ইছ্যুক লৈ তেওঁ ইমাৰন খানৰ সৈতে কোনো আলোচনা কৰিব নিবিচাৰে বুলিও স্পষ্ট কৰি দিয়ে। তেওঁ কয়, 'সেই দায়িত্ব আমাক প্ৰদান কৰা নহয়। আৰু মই সেই সন্দৰ্ভত কোনো কথা পাতিবলৈও আগ্ৰহী নহয়।'