/asomiyapratidin/media/media_files/2024/12/14/ngq7SJ3nLg9XOFdYJvbd.jpg)
ডিজিটেল ডেস্কঃ যোৱা এটা সপ্তাহৰ যুদ্ধত মংডু, বুথিডং, পালেতাৱাৰ চহৰৰ সৈতে ম্যানমাৰৰ ৰাখাইন প্ৰদেশৰ প্ৰায় ৭০ শতাংশ অঞ্চল দখল কৰিবলৈ সক্ষম হৈছে আৰাকান আৰ্মীয়ে। ম্যানমাৰৰ এই সশস্ত্ৰ বিদ্ৰোহী সংগঠনে সামৰিক জুণ্টা প্ৰশাসনৰ বিৰুদ্ধে চলাই থকা যুদ্ধখনে যোৱা এটা সপ্তাহত নতুন ৰূপ ধাৰণ কৰিছে।
এনে পৰিস্থিতিত এই অঞ্চলটোত বাস কৰা ৰোহিঙ্গীয়া মুছলমানসকলৰ ভৱিষ্যতক লৈ চিন্তিক হৈ পৰিছে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰ। যিসময়ত বাংলাদেশত সংখ্যালঘু হিন্দুসকল নিৰ্যাতনৰ সন্মুখীন হৈছে, হিন্দু ধৰ্মীয় নেতাক কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছে, হিন্দু ধৰ্মীয় সংগঠন নিষিদ্ধ কৰাৰ কথা আলোচনা হৈছে সেই সময়তে ম্যানমাৰৰ ৰোহিঙ্গীয়াক লৈ বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰে দেখুওৱা তৎপৰতা লক্ষ্যণীয়।
মহম্মদ ইউনুছৰ ৰোহিঙ্গীয়া সম্পৰ্কীয় বিশেষ প্ৰতিনিধি খলিলুৰ ৰহমানে শুকুৰবাৰে জনাইছে যে, পৰিবৰ্তিত পৰিস্থিতিত সীমান্ত এলেকাৰ নিয়ন্ত্ৰক আৰাকান আৰ্মীৰ সৈতে যোগাযোগ কৰা চেষ্টা চলাইছে ঢাকাই। তেওঁ কয়, ৰাখাইন প্ৰদেশৰ ৮০/৮৫ শতাংশ ঠাই দখল কৰিছে আৰাকান আৰ্মীয়ে।
উল্লেখ্য যে, ৰাখাইন প্ৰদেশৰ যিসমূহ স্থান ৰোহিঙ্গীয়া প্ৰধান সেই স্থানসমূহ এতিয়া আৰাকান আৰ্মীৰ দখলত। তাৰোপৰি বাংলাদেশ-ম্যানমাৰ সীমান্তও এতিয়া আৰাকান আৰ্মীৰ নিয়ন্ত্ৰণত আছে।
সেয়ে বাংলাদেশৰ চৰকাৰে আৰাকান আৰ্মীৰ সৈতে ৰোহিঙ্গীয়াসকলৰ সুৰক্ষাক লৈ আলোচনা কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। আৰাকান আৰ্মীয়ে সীমান্ত দখলৰ পাছতেই বাংলাদেশৰ চৰকাৰে টেকনাফৰ পৰা ছেইণ্ট মাৰ্টিন দ্বীপলৈ ফেৰী চলাচল বন্ধ ৰাখিছে। ফলত অসুবিধাৰ সন্মুখীন হৈছে চট্টগাম ডিভিজনৰ বহু লোক।
উল্লেখ্য যে, সামৰিক জুণ্টা বাহিনীয়ে শত্ৰু জ্ঞান কৰি আহিছিল ৰোহিঙ্গীয়াসকলক। তাৰ পাছতো কিন্তু চলিত যুদ্ধ পৰিস্থিতিত ৰোহিঙ্গীয়াসকলে জুণ্টা প্ৰশাসনকে সহযোগিতা কৰিছিল। আৰাকান ৰোহিঙ্গীয়া আৰ্মী, আৰাকান ৰোহিঙ্গীয়া ছেলভেছন আৰ্মী আৰু ৰোহিঙ্গীয়া ছলিডাৰিটি অৰ্গেনাইজেশ্যনৰ যুদ্ধসকলে যোৱা ছমাহে সীমান্তত জুণ্টা বাহিনীৰ সৈতে সমানে সমানে আৰাকান আৰ্মীৰ বিৰুদ্ধে যুঁজ দিছে। সেয়ে আৰাকান আৰ্মীৰ এইবাৰ ৰোহিঙ্গীয়াসকল লক্ষ্য হৈ পৰাৰ পূৰ্ণ সম্ভাৱনা আছে।