Advertisment

জন্মদাত্ৰীয়ে হ'ল হত্যাকাৰী...

জন্মদাত্ৰীয়ে হ'ল হত্যাকাৰী...

author-image
Asomiya Pratidin
New Update
জন্মদাত্ৰীয়ে হ'ল হত্যাকাৰী...

ডিজিটেল ডেস্কঃ নিজৰ সন্তানৰ বাবে মাতৃয়ে নিজৰ সৰ্বস্ব উজাৰি দিয়ে। সন্তানৰ সুৰক্ষাৰ বাবে মাতৃয়ে সময়ে সময়ে মা দুৰ্গা বা মা কালীৰ ৰূপো ধাৰণ কৰে। কোৱা হয় যে মাতৃৰ চৰণতেই সন্তানৰ স্বৰ্গ থাকে। কিন্তু কলিৰ কালত কেতিয়া সময়ৰ পাকচক্ৰ উলোতাই ঘূৰে আৰু কেতিয়া জন্মদাত্ৰী মাতৃয়ে দানৱৰ ৰূপ লৈ নিজ সন্তানৰে হত্যাকাৰী হৈ যায় তাৰ কোনো ঠিকনা নাই। এনে এক আচৰ্যকৰ ঘটলাই সংঘটিত হৈছে আমেৰিকাৰ কেলিফৰ্ণিয়াত।

Advertisment

আমেৰিকাৰ কেলিফৰ্ণিয়াত নিজৰ ৪ বছৰীয়া কন্যা শিশুক হত্যা কৰা আৰু ১০ বছৰীয়া পূত্ৰক হত্যাৰ চেষ্টা কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এগৰাকী মাতৃ। বাতৰি প্ৰতিষ্ঠান পিপল মেগাজিনত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি মাতৃগৰাকীৰ বিৰুদ্ধে হত্যাৰ চেষ্টা, মাৰাত্মক অস্ত্ৰৰে আক্ৰমণ আৰু পূত্ৰ সন্তানটিক বিপদত পেলোৱাৰ অভিযোগ উত্থাপন কৰা হৈছে।

ঘটনাৰ বিৱৰণ অনুসৰি ৩৪ বছৰীয়া মীৰা নাজাৰী নামৰ মহিলাগৰাকীয়ে ১৪ অক্টোবৰত নিজৰ ৪ বছৰীয়া কন্যা ছানা আক্ৰামক হত্যা কৰিছিল। মডেষ্টো আৰক্ষীৰ মতে, আৰক্ষীয়ে ঘটনাস্থলীত শিশুটিক মৃত অৱস্থাত উদ্ধাৰ কৰিছিল। লগতে শিশুটিক চুৰিৰে ঘপিয়াই হত্যা কৰা হৈছিল বুলিও আৰক্ষীয়ে মন্তব্য কৰে।

মাতৃগৰাকীয়ে চুৰিৰে আঘাত কৰি কন্যা শিশুটিক হত্যা কৰাৰ অভিযোগ খণ্ডন কৰিছে যদিও বৰ্তমানেও তেওঁ আৰক্ষীৰ জিম্মাত আছে আৰু আৰক্ষীৰ সোধ-পোছ অব্যাহত আছে।

তদন্তকাৰী বিষয়াসকলে এই ঘটনাৰ উদ্দেশ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। ৪ বছৰীয়া কন্যা শিশুটিৰ এই নৃশংস হত্যাত এতিয়া সমগ্ৰ অঞ্চলটোতেই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

উল্লেখ্য যে, ঘটনা সংঘটিত হোৱা পৰিয়ালটোৰ এজন বন্ধুৱে জনোৱা মতে, মহিলাগৰাকী হতাশা আৰু মানসিক ৰোগত আক্ৰান্ত আছিল। ঘটনা সন্দৰ্ভত ২৪ অক্টোবৰত আদালতৰ শুনানিৰ দিন ধাৰ্য কৰা হৈছে।

Also Read: ব্ৰজ নাথ শৰ্মা বঁটা প্ৰাপক বিশিষ্ট শিল্পী দশৰথ দাসৰ দেহাৱসান

California