ইউক্ৰেইনত থকা ২০,০০০ ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াটো আমাৰ প্ৰধান দায়িত্ব- ভাৰত

ইউক্ৰেইনত থকা ২০,০০০ ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াটো আমাৰ প্ৰধান দায়িত্ব- ভাৰত

author-image
asomiyapratidin
New Update
ইউক্ৰেইনত থকা ২০,০০০ ভাৰতীয় নাগৰিকক সুৰক্ষা দিয়াটো আমাৰ প্ৰধান দায়িত্ব- ভাৰত

 ডিজিটেল ডেস্ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা উত্তেজনাৰ মাজতেই ভাৰতে ইউক্ৰেইনত থকা নাগৰিক সকলৰ সুৰক্ষাত গুৰুত্ব আৰোপ কৰা দেখা যায়।ইতিমধ্যে ইউক্ৰেইনত থকা সকলো ভাৰতীয় নাগৰিকক সাময়িক ভাৱে দেশলৈ উভতি অহাৰ অহ্বান জনাইছে ভাৰতে।

Advertisment

চলিত ইউএনএছচি বৈঠকত ভাৰতৰ স্থায়ী প্ৰতিনিধি টি এছ তিৰুমূৰ্তিয়ে কয় যে ইউক্ৰেইন আৰু ৰাছিয়াৰ মাজত উত্তেজনা চিন্তাৰ বিষয়। বৃদ্ধি হোৱা উত্তেজনাই শান্তি ভংগ কৰিব বুলি আশংকা কৰা হৈছে।যাৰ ফলত নাগৰিক সকলৰ সুৰক্ষাৰ ক্ষেত্ৰতো প্ৰত্যাহ্বান আহিব পাৰে।

তেওঁ কয় যে আমি সকলো পক্ষকে সংযম বৰ্তাই ৰখাৰ বাবে আহ্বান জনাইছো।আমি বিশ্বাস কৰো যে কেৱল কূটনৈতক নীতি অৱলম্বন কৰিহে এই সমস্যাৰ সমাধান হ'ব পাৰে দুয়োপক্ষৰ দ্বাৰা গ্ৰহণ কৰা শেহতীয়া পদক্ষেপবোৰক আমি গুৰুত্ব দিব লাগিব যিয়ে উত্তেজনা হ্ৰাস কৰিব বিচাৰে।

"নাগৰিকৰ সুৰক্ষা আৰু নিৰাপত্তা অধিক আৱশ্যক।২০,০০০তকৈ অধিক ভাৰতীয় লোক ইউক্ৰেইনৰ বিভিন্ন ঠাইত বাস কৰে।আনকি সীমান্তৱৰ্তী অঞ্চল সমূহতো থাকে বহু লোক। তাত থকা প্ৰতিগৰাকী ভাৰতীয়ক নিৰাপত্তা প্ৰদান কৰাটো আমাৰ প্ৰধান কৰ্তব্য"। উল্লেখ্য যে, ইউক্ৰেইনত থকা ভাৰতীয় নাগৰিক সকলক উভতি আহিবলৈ ভাৰতীয় দূতবাসেও আহ্বান জনাই আহিছে।

russia ukraine