ডিজিটেল ডেস্ক: কোৰোনাৰ প্ৰকোপ কিছু ক'ম হ'লেও পুনৰ চীনত বৃদ্ধি পাইছে কোৰোনাৰ ত্ৰাস।ৰবিবাৰৰ দিনটোত চীনত ১৩,১৪৬ গৰাকীকৈ লোক আক্ৰান্ত হয় কোৰোনাত।
ৰাষ্ট্ৰীয় স্বাস্থ্য আয়োগে জনোৱা অনুসৰি ১,৪৫৫ জনৰ দেহত কোৰোনাৰ লক্ষ্যণ দেখা গৈছিল আৰু ১১,৬৯১ গৰাকীৰ দেহত কোনো লক্ষ্যণ নাছিল।অৱশ্যে এই পৰ্যন্ত কাৰো মৃত্যু হোৱা নাই।
চীনৰ মন্ত্ৰীয়ে কয় যে বৰ্তমান চীনৰ অৱস্থা অত্যন্ত বেয়া যাৰ বাবে ২৫ মিলিয়ন লোকক ঘৰত থকাৰ নিৰ্দেশ জাৰি কৰিছে। ইয়াৰ সহায়ত চীনে সংক্ৰমণৰ ওপৰত নিয়ন্ত্ৰণ কৰাৰ চেষ্টা চলাইছে।
আৰু পঢ়ক: মহানগৰীত চাঞ্চল্য; স্থানীয় ৰাইজে যুৱকক বান্ধি থ'লে গছত…
: দেওবাৰে চৰাইদেউত ৰাজ্যিক সাংবাদিক সন্থাৰ কাৰ্য্যনিৰ্বাহক সভা…