পঢ়াশালি গচকি পোৱা নাই বিশ্বৰ ১৩.২ কোটি কন্যা শিশুৱে

পঢ়াশালি গচকি পোৱা নাই বিশ্বৰ ১৩.২ কোটি কন্যা শিশুৱে

author-image
asomiyapratidin
New Update
পঢ়াশালি গচকি পোৱা নাই বিশ্বৰ ১৩.২ কোটি কন্যা শিশুৱে

ডিজিটেল ডেস্কঃ সমগ্ৰ বিশ্বত ৬-১৭ বছৰ বয়সৰ ১৩.২ কোটি কন্যা শিশু শিক্ষাৰ পৰা বঞ্চিত হৈ আছে। বিশ্ব বেংকৰ এক সমীক্ষাত প্ৰকাশ এই তথ্যা। সমীক্ষাটোৰ মতে এইসকল কন্যা শিশুক শিক্ষাৰ পৰা বঞ্চিত কৰাৰ বাবে সমগ্ৰ বিশ্বত ৩০লাখ কোটি টকাৰ লোকচান হৈছে।

Advertisment

বিশ্ব বেংকৰ মতে ১৩.২ কোটি ছোৱালীয়ে দ্বাদশ শ্ৰেণীলৈকে যদি পঢ়ে তেন্তে ইয়াৰ পৰা উপাৰ্জন হ'ব ১৫-৩০ লাখ কোটি টকা। ভাৰততেই এন চি আৰ চি আৰৰ সমীক্ষা মতে ১৫-১৮ বছৰ বয়সৰ ৩৯.৪ শতাংশ ছোৱালীয়ে এতিয়া পঢ়াশালীৰ বাহিৰত।

ইয়াৰ ভিতৰত ৬৫ শতাংশই ঘৰুৱা কামত নতুবা ভীক্ষা মগা নাইবা বেলেগৰ আশ্ৰয়ত জীৱন নিৰ্বাহ কৰিছে। আন এক তথ্য অনুসৰি দেশৰ প্ৰায় ২.৫ কোটি কিশোৰীক ঢুকি পোৱা নাই চৰকাৰী আঁচনিয়ে।

কন্যা শিশুক শিক্ষাৰ পৰা বঞ্চিত কৰা ৰাজ্যসমূহৰ ভিতৰত ৰাজস্থান, উত্তৰপ্ৰদেশ আৰু মধ্যপ্ৰদেশ আছে শীৰ্ষ স্থানত। এখন গঢ়াৰ ক্ষেত্ৰত পুৰুষৰ লগতে নাৰীৰো ভূমিকা অন্যতম। তেনেস্থলত নাৰীৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। চৰকাৰে বেটি পঢ়াও বেটি বচাও আঁচনি আৰম্ভ কৰিছে যদিও এই আঁচনিয়ে সামৰি ল'ব পৰা নাই বহু কন্যা শিশুক।