/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/4gpqbjk8_chinas-change4_625x300_03_January_19.jpg)
ডিজিটেল ডেস্কঃ পুনৰ আন এক অভিলেখ গঢ়িবলৈ সক্ষম হ'ল চীন। চীনে নিক্ষেপ কৰা মহাকাশ যানে বৃহস্পতিবাৰে সফলতাপূৰ্বক অৱতৰণ কৰিলে চন্দ্ৰপৃষ্ঠত। কিন্তু মহাকাশ যানখনে চন্দ্ৰপৃষ্ঠত অৱতৰণতো পূৰ্বে বহু কেইখন দেশৰ মহাকাশযানে কৰিছে বুলি যদি ভাবিছে, তেন্তে জানি লওঁক চীনে একমাত্ৰ তথা প্ৰথম দেশ, যিখন দেশৰ মহাকাশ যানে চন্দ্ৰৰ বিমুখ ফলক অৰ্থাৎ সাধাৰণতে চন্দ্ৰৰ যিটো দিশত মহাকাশযানে অৱতৰণ কৰে যাৰ বিপৰীতে দিশে অৱতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/china-new-mahakashyaan-2.jpg)
বিশ্বৰ ভিতৰতে চন্দ্ৰৰ বিমুখ ফলকত মহাকাশযান সলফতাৰে অৱৰণ কৰাৰ পাছত মহাশক্তি হিচাপে পৰিগণিত হৈছে চীন। চীনৰ ৰাষ্ট্ৰীয় মহাকাশ প্ৰশাসন (চিএনএছএ)য়ে ঘোষণা কৰে যে, মহাকাশযান চাংগ'ই-৪য়ে চন্দ্ৰৰ দ্বিতীয়টো দিশৰ ভূপৃষ্ঠত অৱতৰণ কৰিছে আৰু তাৰ পৰা ফটো পঠিয়াইছে। মহাকাশযানখনে পূৰ্ব নিৰ্ধাৰিত স্থানত চীনৰ স্থানীয় সময় অনুসৰি পুৱা ১০.২৬ বজাত অৱতৰণ কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/01/china-new-mahakashyaan.jpg)
উল্লেখ্য যে, চাংগ'ই-৪ নামৰ মহাকাশযানখনে যোৱা ৮ ডিচেম্বৰত চীনে নিক্ষেপ কৰিছিল। আৰু চন্দ্ৰৰ বিমুখ ফলকৰ পৰা ফটো পঠিওৱা চীনৰ মহাকাশযানখন সমগ্ৰ বিশ্বতেই প্ৰথম।