শ্বিনজো আবেক অন্তিম সন্মান অৰ্পন কৰিবলৈ আজি জাপান অভিমুখী যাত্ৰা নৰেন্দ্ৰ মোডীৰ...

author-image
Asomiya Pratidin
New Update
শ্বিনজো আবেক অন্তিম সন্মান অৰ্পন কৰিবলৈ আজি জাপান অভিমুখী যাত্ৰা নৰেন্দ্ৰ মোডীৰ...

ডিজিটেল ডেস্ক : জাপানৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী শ্বিনজো আবেক অন্তিম সন্মান জনাবলৈ আজি জাপানলৈ যাত্ৰা কৰিব নৰেন্দ্ৰ মোডীয়ে । ইয়াৰ উপৰিও জাপানৰ বৰ্তমানৰ প্ৰধান মন্ত্ৰী ফুমিঅ' কিশ্বিদাৰ সৈতে এক বৈঠকত মিলিত হ'ব ভাৰতৰ প্ৰধান মন্ত্ৰী গৰাকী । ২৭ ছেপ্টেম্বৰত জাপানত অনুষ্ঠিত হ'ব প্ৰয়াত শ্ৱিনজো আবেৰ চৰকাৰী অন্তিম সন্মান অৰ্পণৰ অনুষ্ঠান । এই সন্দৰ্ভত ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীৰ ভাষ্য অনুসৰি, নৰেন্দ্ৰ মোডীৰ সৈতে কেৱল ৰাজনৈতিকেই নহয় বৰং ব্যক্তিগত বন্ধুত্বও আছিল প্ৰয়াত মন্ত্ৰী গৰাকীৰ ।

Advertisment

উল্লেখ্য যে, যোৱা ৮ জুলাইত আততায়ীয়ে গুলিয়াই হত্যা কৰিছিল শ্বিনজো আবেক । এক প্ৰচাৰ অনুষ্ঠানত ভাগ লোৱা অৱস্থাতে আক্ৰমণ কৰা হৈছিল প্ৰয়াত মন্ত্ৰী গৰাকীক । তৎক্ষণাৎ মন্ত্ৰী গৰাকীক চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও পৰৱৰ্তী সময়ত মৃত ঘোষণা কৰে চিকিৎসকে ।

narendra modi shinzo abe japan india