/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/modi-1.png)
ডিজিটেল ডেস্ক: ৰাছিয়াই ইউক্ৰেইনৰ কেইখনমান চহৰত ঘোষণা কৰিছে যুদ্ধ বিৰতি। ইয়াৰ মাজতে সূত্ৰ অনুসৰি জানিব পৰা গৈছে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমীৰ জেলেনস্কীৰ লগত টেলিফোনযোগে বাৰ্তালাপ কৰে প্ৰধানমন্ত্ৰী মোডীয়ে। দুয়ো গৰাকীয়ে কমেও আধাঘন্টা ধৰি কথা পাতে।
মোডী আৰু জেলেনস্কীয়ে যুদ্ধৰ স্থিতি আৰু অন্য দিশ সমূহৰ ওপৰত কথা পাতে। জানিব পৰা মতে মোডীয়ে ৰাছিয়া-ইউক্ৰেইনৰ মাজত পোনপটীয়া আলোচনাৰ পোষকতা কৰিছে। লগতে মোডীয়ে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতিক ধন্যবাদ জনাই যে তেওঁলোকে ভাৰতীয় নাগৰিকসকলক উদ্ধাৰৰ বাবে সহায় কৰিছে।
অন্যহাতে আজি অৰ্থাৎ সোমবাৰে দিনৰ প্ৰায় ১.৩০ বজাত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিনৰ সৈতে কথা পাতিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ইয়াৰ পূৰ্বেও পুটিনৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰিছিল মোডীয়ে।