প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত ভাৰতলৈ অনা হ'ব ৮টা চিতা...

১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। তেওঁৰ জন্মদিনৰ দিনা ভাৰতলৈ অনা হ'ব দেশৰ পৰা বিলুপ্ত হোৱা চিতা

author-image
Asomiya Pratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ জন্মদিনত ভাৰতলৈ অনা হ'ব ৮টা চিতা...

modi birthday

ডিজিটেল ডেস্ক : ১৭ ছেপ্টেম্বৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন। তেওঁৰ জন্মদিনৰ দিনা ভাৰতলৈ অনা হ'ব দেশৰ পৰা বিলুপ্ত হোৱা চিতা। দেশবাসীক তেওঁ জন্মদিনৰ দিনা এই বিশেষ উপহাৰটি প্ৰদান কৰিব।

Advertisment

উল্লেখ্য যে ১৯৫২ চনতে দেশৰ পৰা বিলুপ্ত হৈছিল চিতা বাঘ। এই চিতাক দেশলৈ পুনৰ আনিবলৈ সাজু কৰা হৈছে। ১৬ ছেপ্টেম্বৰৰ দিনা দক্ষিণ আফ্ৰিকাৰ ৱিণ্ডহকৰ পৰা ৮টা চিতা ভাৰতলৈ অনা হ'ব আৰু প্ৰধানমন্ত্ৰীৰ জন্মদিনৰ দিনা ১৭ ছেপ্টেম্বৰত জয়পুৰত আহি পাবহি চিতাকেইটা।

উল্লেখ্য যে চাৰ্টাৰ্ড বিমানেৰে অনা হ'ব চিতাকেইটাক। ভাৰতলৈ আহি পোৱাৰ পাছতেই মধ্যপ্ৰদেশৰ শ্বেওপুৰৰ কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ নিয়া হ'ব চিতাকেইতাক আৰু তাতেই ৰখা হ'ব।

যোৱা ১১ ছেপ্টেম্বৰত ভাৰতৰ এটা সজাতি দলে চিতাকেইটাক আনিবলৈ আফ্ৰিকাৰ নামিবিয়ালৈ ৰাওনা হৈছে। উল্লেখ্য যে ভাৰতলৈ আনিবলগীয়া ৮টা চিতাৰ ভিতৰত ৫টা মাইকী চিতা বুলি জানিব পৰা গৈছে।

ইয়াৰ উপৰিও ৮টা চিতা অনাৰ পাছত পুনৰ ১২টা চিতা দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা হ'ব। এই তথ্য কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তনৰ মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে প্ৰকাশ কৰে।

আৰু পঢ়ক : পলু পালন, মিশ্ৰিত কৃষিকৰ্মৰে উজ্বলিছে বাক্সাৰ ১০ গৰাকী বড়ো আইজো...

africa india cheetah