/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/0b6b5c55-697f-4ba1-9bbf-2e3d30c0eb7f/gohpur.jpg)
ডিজিটেল সংবাদ,গহপুৰ : গহপুৰ মহকুমাৰ ছয়দুৱাৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত বাকৰিদলনী গাঁও পঞ্চায়তৰ দক্ষিণ বৰজহাবাৰীত পথৰ দুৰৱস্থাত অতিষ্ঠ ৰাইজ। নাঙল যুঁৱলি লৈ বিধস্ত পথৰ ওপৰতেই ক্ষুব্ধ ৰাইজৰ প্ৰতীকি প্ৰতিবাদ।
খোদ শাসকীয় দলৰ বিজেপিৰ ৱাৰ্ড মেম্বাৰেই ৰাইজৰ লগত নামিল প্ৰতিবাদত। উক্ত পথেৰে কোনো লোক যাতায়ত কৰিব নোৱাৰা হৈছে। কি বিধায়ক,কি পঞ্চায়ত সভাপতি সকলো চকু মুদা কুলিৰ ভাঁৱত থকাৰ অভিযোগ প্ৰতিবাদকাৰীৰ।
যাৰ বাবে খোদ বিজেপিৰ ৱাৰ্ড মেম্বাৰেই নামিল প্ৰতিবাদত। বোকাময় পথৰ কৰ্দযময় পৰিবেশৰ বাবে ওলাব-সোমাব নোৱাৰা হৈছে ৰাইজ। জানিবলৈ দিয়া মতে পথটোৰ দুৰৱস্থা সম্পৰ্কে একাশ সচেতন ৰাইজে বহুবাৰ চৰকাৰী পক্ষক জনায়।
পৰিতাপৰ কথা এই যে ৰাইজৰ অসুবিধাৰ কথাৰ প্ৰতি কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। যাৰ বাবে ক্ষোভ আৰু হতাশাত এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰে সচেতন ৰাইজ।
Also Read: আন্তৰ্জাতিক বিমান সেৱাৰ বাবে সাজু ভিষ্টাৰা-ইণ্ডিগ'
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us