মাইক্ৰ’চফট এৰিলে বিল গেটছে!

মাইক্ৰ’চফট এৰিলে বিল গেটছে!

author-image
asomiyapratidin
New Update
মাইক্ৰ’চফট এৰিলে বিল গেটছে!

ডিজিটেল ডেস্কঃ বিশ্বৰ অন্যতন আগশাৰীৰ প্ৰতিষ্ঠান মাইক্ৰ'চফটক বিদায় দিলে সংস্থাপক বিল গেটছে। শুকুৰবাৰে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা সদৰি কৰা অনুসৰি, কেইটামান দিনৰ পূৰ্বে মাইক্ৰ'চফটৰ পৰিচালন মণ্ডলীৰ পৰা গেটছে অব্যাহতি লৈছে। প্ৰতিষ্ঠানটোৱে সদৰি কৰি অনুসৰি, বিল গেটছে বিভিন্ন সামাজিক কামত অধিক মনোনিৱেশ তথা সময় দিয়াৰ উদ্দেশ্যই নিজৰ কামৰ পৰা অব্যাহতি লৈছে। গেটছৰ অনুপস্থিতিত প্ৰতিষ্ঠানটোৰ চি ই অ' সত্য নডেলা আৰু অন্য শীৰ্ষ বিষয়াসকলে কাৰিকৰী নিৰ্দেশকৰ দায়িত্ব পালন কৰিব।

উল্লেখ্য যে, বিল গেটছে নিজা এটি সংস্থা বিল এণ্ড মেণ্ডেলা ফাইণ্ডেচনক অধিক সময় দিয়াৰ বাবেই ১০ বছৰৰ পূৰ্বে মাইক্ৰ'চফট দৈনন্দিন পৰিচালন কমিটিৰ পৰা অব্যাহতি লৈছিল। ২০১৪ চনৰ ফেব্ৰুৱাৰী মাহৰ লৈকে তেওঁ প্ৰতিষ্ঠানটোৰ অধ্যক্ষৰ দায়িত্বতো আছিল। আৰু অতি শেহতীয়াকৈ তেওঁ প্ৰতিষ্ঠানটোৰ পৰা অব্যাহতি লৈছে। বিল গেটছৰ সংস্থাটোৱে সমগ্ৰ বিশ্বত শিক্ষা আৰু বিকাশৰ বাবে যথেষ্ট কাম কৰি আহিছে।