এতিয়াহে উশাহ ঘূৰি আহিছে পুটিনৰ !

এতিয়াহে উশাহ ঘূৰি আহিছে পুটিনৰ !

ডিজিটেল ডেস্কঃ ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধই সমগ্ৰ বিশ্ববাসীৰ দৃষ্টি নিৱদ্ধ হৈ থকাৰ সময়তে শনিবাৰে শক্তিধৰ দেশ ৰাছিয়াৰ বিৰুদ্ধে গৃহযুদ্ধৰ ঘোষণা কৰিছিল ৱাগ'নাৰ মাৰ্চিনেৰী বাহিনীয়ে । মাৰ্চিনেৰী বাহিনীয়ে এই গৃহযুদ্ধৰ ঘোষণাৰ পিছতেই দেশখনত সৃষ্টি হৈছিল হাহাকাৰ পৰিস্থিতিৰ ।

প্ৰায় ২৫ হাজাৰৰো অধিক থকা এই গোটটো হৈছে দেশখনৰ স্বাধীন ভেৰোণীয়া সশস্ত্ৰ বাহিনী। এই সশস্ত্ৰ বাহিনীটোৰ মুৰব্বী য়েভোগনি প্ৰিগোজিন।

শনিবাৰে বিদ্ৰোহ ঘোষণা কৰি ২৪ ঘণ্টা নৌহওতেই যুদ্ধ বিৰতি ঘোষণা কৰিছে গোটটোৰ মূৰব্বী প্ৰিগোজিনে । এই গৃহযুদ্ধৰ বিৰতিৰ পূৰ্বেই বেলাৰুছৰ ৰাষ্ট্ৰপতিৰ সৈতে আলোচনত মিলিত হৈছিল সংগঠনটোৰ নেতৃত্ব । এই সন্দৰ্ভত শনিবাৰে নিশা ক্ৰেমলিনে কয় যে, "ৰাছিয়াৰ সামৰিক নেতৃত্বৰ বিৰুদ্ধে নেতৃত্ব দিয়া সশস্ত্ৰ বিদ্ৰোহৰ সমাপ্তিৰ বাবে হোৱা চুক্তিৰ অধীনত ৱাগ'নাৰ গোটৰ মুৰব্বী য়েভগেনি প্ৰিগোজিন বেলাৰুছলৈ যাব।"

সশস্ত্ৰ বিদ্ৰোহ প্ৰত্যাহাৰ ঘোষণাৰ পিছতেই প্ৰিগোজিনৰ ওপৰত আৰোপ কৰা গোচৰ প্ৰত্যাহাৰ কৰা হ'ব বুলি জানিব পৰা গৈছে।

এতিয়াহে উশাহ ঘূৰি আহিছে পুটিনৰ !
জালুকবাৰীত ড্ৰাগছসহ দুজনক গ্ৰেপ্তাৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in