১৪ হাজাৰ কোটিৰ কেলেংকাৰীৰ নায়ক মেহুল শ্ব'কছিক বেলজিয়ামত গ্ৰেপ্তাৰ...

অৱশেষত গ্ৰেপ্তাৰ হ’ল পলাতক হীৰা ব্যৱসায়ী মেহুল শ্ব’কছি। ভাৰতৰ অনুৰোধত বেলজিয়াম চৰকাৰে গ্ৰেপ্তাৰ কৰে মেহুলক। মেহুলৰ বিৰুদ্ধে আছে ১৩,৮৫০ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগ।

author-image
Tushar Pratim
New Update
১৪ হাজাৰ কোটিৰ কেলেংকাৰীৰ নায়ক মেহুল শ্ব'কছিক বেলজিয়ামত গ্ৰেপ্তাৰ...

ডিজিটেল ডেস্কঃ পঞ্জাৱ নেশ্যনেল বেংকৰ জালিয়াতিৰ গোচৰত অৱশেষত গ্ৰেপ্তাৰ হল ভাৰতীয় হীৰা ব্যৱসায়ী মেহুল শ্বকছি। ভাৰত চৰকাৰৰ অনুৰোধত বেলজিয়াম চৰকাৰে পলাতক ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰে। মেহুলৰ বিৰুদ্ধে আছে ১৩,৮৫০ কোটি টকাৰ ঋণ জালিয়াতিৰ অভিযোগ।

Advertisment

তেওঁৰ এই কেলেংকাৰীৰ অন্যতম সহযোগী নীৰৱ মোডী। নীৰৱ মোডী মেহুলৰ ভতিজা। বেলজিয়ামত গ্ৰেপ্তাৰ হোৱাৰ পিছতে অতি সোনকালে মেহুলক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, গীতঞ্জলি জেমছৰ স্বত্বাধিকাৰী মেহুলে ২০২৩ চনৰ নৱেম্বৰ মাহত বেলজিয়ামৰ নাগৰিকত্ব লাভ কৰিছিল। তেতিয়াৰে পৰা তেওঁ তাতেই বাস কৰি আছিল। তেওঁৰ লগত আছিল পত্নী প্ৰীতিও। জানিব পৰা মতে যোৱা ১২ এপ্ৰিলত চিকিৎসালয়ৰ পৰা মেহুলক গ্ৰেপ্তাৰ কৰা হৈছিল।

মেহুলক গ্ৰেপ্তাৰ কৰাৰ খবৰ বিয়পি পৰাৰ পাছতে পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰীৰ বিষয়টো পুনৰ চৰ্চাৰ মাজলৈ আহিছে।  কেনেকৈ এই বৃহৎ আৰ্থিক প্ৰৱঞ্চনা সংঘটিত কৰিছিল দুই ব্যৱসায়ীয়ে কেনেকৈ এই কেলেংকাৰী কেনেকৈ পোহৰলৈ আহিল, কেনেকৈ দেশ এৰি পলায়ন কৰিলে সেই সকলো বিষয় চৰ্চাৰ মাজলৈ আহিছে।

স্মৰ্তব্য, ২০১৮ চনত প্ৰথমে পঞ্জাৱ নেচনেল বেংকৰ কেলেংকাৰী পোহৰলৈ আহিছিল। মেহুল শ্বকছি আৰু নীৰৱ মোডীয়ে সংঘটিত কৰা এই কেলেংকাৰীৰ সৈতে বেংকৰ একাংশ কৰ্মচাৰী আৰু বিষয়াৰ নামো জড়িত হৈছিল। এই কেলেংকাৰীয়ে সমগ্ৰ দেশতে আলোড়ণৰ সৃষ্টি কৰিছিল।

অভিযোগ অনুসৰি বেংক কৰ্মচাৰীৰ সহায়ত নীৰৱ মোডী আৰু মেহুল শ্বকছিয়ে বেংকৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰে। মুম্বাইস্থিত পঞ্জাৱ নেচনেল বেংকৰ ব্ৰেডী হাউছ শাখাত সংঘটিত হৈছিল এই কেলেংকাৰী। এই শাখাৰ পৰাই বিভিন্ন বিদেশী কোম্পানীৰ নামত ভুৱা ‘Letters of Undertaking (LoU)’ জাৰি কৰি বিপুল পৰিমাণৰ ঋণ লোৱা লোৱা হৈছিল। বিদেশী বেংকৰ পৰা ঋণ লবলৈ হলে ভাৰতীয় বেংকৰ পৰা LoU জাৰি কৰাটো প্ৰয়োজনীয়।

কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ম অনুসৰি গাইডলাইন জাৰি কৰাৰ তাৰিখৰ পৰা ৯০ দিনৰ সময়সীমা দিয়া হৈছে। ইয়াৰ মাজতে ঋণ পৰিশোধ কৰিব লাগিব। কিন্তু অভিযোগ অনুসৰি পি এন বিয়ে অনুমোদন জনোৱা LoU ৰিজাৰ্ভ বেংকৰ নিয়ম পালন নকৰাকৈ জাৰি কৰা হৈছিল। তাত সময়ৰ কোনো উল্লেখ নাছিল।

 

তদন্তৰ পৰা হাত সাৰিবলৈ পি এন বিৰ কেন্দ্ৰীয় বেংকিং ব্যৱস্থাতো কোনো তথ্য লিপিবদ্ধ কৰা হোৱা নাছিল। জানিব পৰা মতে ইয়াৰ বাবেই পি এন বিৰ লোকচান হয় ৬,৩৪৪ কোটি টকা। সেই নথিৰ ভিত্তিত ভাৰতীয় ষ্টেট বেংক, এক্সিছ বেংক আদি বেংকেও ব্যৱসায়ী দুজনক ঋণ দিছিল।

 

অভিযোগ অনুসৰি লেনদেন সম্পৰ্কীয় বিষয়সমূহ পি এন বিৰ কেন্দ্ৰীয় ব্যৱস্থাত লিপিবদ্ধ কৰা হোৱা নাছিল। ফলত বছৰ বছৰ ধৰি বেংক কৰ্তৃপক্ষই এই কেলেংকাৰীক অন্ধকাৰত আছিল। পি এন বিয়ে দাবী কৰা মতে, ‘ডাইমণ্ডছ আৰ ইউএছ’, ‘মিছ ছলাৰ এক্সপৰ্টছআৰু মিছ ষ্টেলাৰ ডাইমণ্ডছনামৰ তিনিটা কোম্পানীয়ে নিজৰ বিদেশী যোগানকাৰীক ধন পৰিশোধ কৰিবলৈ বেংকৰ কাষ চাপিছিল।

 

পৰৱৰ্তী সময়ত বেংকে তেওঁলোকক LoU জাৰি কৰিবলৈ গেৰাণ্টীৰ প্ৰয়োজন বুলি জনোৱাত কোম্পানীসমূহে কয় যে তেওঁলোকে পূৰ্বেও পি এন বিৰ পৰা LoU ​​লৈছিল আৰু কোনো গেৰাণ্টীৰ প্ৰয়োজন হোৱা নাছিল নাই। ইয়াৰ পিছতে পি এন বি কৰ্তৃপক্ষৰ সন্দেহ হয় আকু এই বিষয়ে ৰিজাৰ্ভ বেংকক অৱগত কৰে।

 

এই সন্দৰ্ভত গোটেই বিষয়টো তদন্ত কৰাৰ দায়িত্ব লাভ কৰে চিবিআইয়ে। চি বি আইৰ তদন্তত ২০১৮ চনৰ ১৮ মেত এই কেলেংকাৰিৰ প্ৰায় ১৪ হাজাৰ কোটি টকা বুলি প্ৰকাশ পাইছিল। ২০১১ চনৰ পৰা আৰম্ভ হৈছিল পি এন বিত বিত্তীয় কেলেংকাৰী। সেই বছৰৰ ১০ মাৰ্চত নীৰৱ মোডীয়ে পি এন বিৰ পৰা প্ৰথমটো ভুৱা LoU লাভ কৰিছিল।

 

পিছত ব্যৱসায়ীজনক আৰু ১২১২টা এনে LOU জাৰি কৰা হয়। অভিযোগ অনুসৰি সেই ভুৱা LoU ৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰা হৈছে। বিষয়টো ৰাজহুৱা হোৱাৰ লগে লগে নীৰৱ মোডীয়ে ভাৰতৰ পৰা পলায়ন কৰে। ২০১৮ চনৰ মেমাহত চি বি আই আৰু ইডিয়ে তেওঁৰ বিৰুদ্ধে এফ আই আৰ দাখিল কৰিছিল।

সেই বছৰৰ জুন মাহত গম পোৱা গল যে নীৰৱ মোডীয়ে ভাৰতৰ পৰা পলায়ন কৰি ব্ৰিটেইনত ৰাজনৈতিক আশ্ৰয়ৰ বাবে আবেদন কৰিছিল। ২০১৯ চনৰ মাৰ্চ মাহত চেণ্ট্ৰেল লণ্ডনত তেওঁক গ্ৰেপ্তাৰ কৰা হৈছিল। পি এন বিৰ এই কেলেংকাৰী পোহৰলৈ অহাৰ পূৰ্বেই মেহুল শ্বকছিয়ে গোপনে দেশ এৰি পালয়ন কৰিছিল।

 

তেওঁ প্ৰথমে ভাৰতৰ পৰা আমেৰিকালৈ চিকিৎসাৰ বাবে গৈছিল। তাৰ পিছত তেওঁ আৰু ঘূৰি নাহিল। মেহুল দীৰ্ঘদিন ধৰি কেৰিবিয়ান দ্বীপ ৰাষ্ট্ৰ এন্টিগুৱা আৰু বাৰবুডাত আছিল। তাতো তেওঁৰ নাগৰিকত্ব আছে। ২০২১ চনত এন্টিগুৱাৰ পৰা কিউবালৈ পলায়ন কৰিবলৈ চেষ্টা কৰিছিল যদিও ডমিনিকাত গ্ৰেপ্তাৰ কৰা হয়।

 

তেওঁক পুনৰ এন্টিগুৱালৈ পঠিওৱা হৈছিল। ইফালে মেহুলৰ দেহত কৰ্কট ৰোগো ধৰা পৰে। জানিব পৰা মতে এই ৰোগৰ চিকিৎসাৰ বাবে মেহুল বেলজিয়ামলৈ গৈছিল। পি এন বিৰ জালিয়াতিৰ গোচৰত এই পৰ্যন্ত ২৩৬২ কোটি টকাৰ স্থাৱৰ আৰু অস্থাৱৰ সম্পত্তি জব্দ কৰিছে ইডিয়ে।

 

কেৱল সেয়াই নহয়, ইতিমধ্যে ইডিয়ে থাইলেণ্ড, ডুবাই, জাপান, আমেৰিকাৰ দৰে দেশত মেহুলৰ মালিকানাধীন কেইবাটাও সম্পত্তি চিনাক্ত কৰিছে। সেইবোৰ জব্দ কৰাৰ প্ৰক্ৰিয়া চলি আছে। সেই পৰিস্থিতিত মেহুলক গ্ৰেপ্তাৰ কৰাত এতিয়া গোটেই বিষয়টোৱে নতুন ৰূপ লৈছে।

 

কেলেংকাৰী