আমেৰিকাত দুৰ্বৃত্তৰ গুলীচালনা : নিহত ২২,অৰ্ধশতাধিক আহত

আমেৰিকাত দুৰ্বৃত্তৰ গুলীচালনা : নিহত ২২,অৰ্ধশতাধিক আহত

ডিজিটেল ডেস্ক : মাৰ্কিন যুক্তৰাষ্ট্ৰত দুৰ্বৃত্তৰ নিৰ্বিকাৰ গুলীচালনাৰ ঘটনা সংঘটিত হৈছে। দুৰ্বত্তৰ গুলীচালনাত ২২ গৰাকী নাগৰিক নিহত হয় আৰু ৬০ গৰাকী আহত হয়। বুধবাৰে সন্ধিয়া আমেৰিকাৰ লুইষ্টন চহৰত সংঘটিত হৈছে এই অমানবীয় ঘটনা।

ঘটনাৰ তদন্তকাৰী বিষয়াই জনোৱা মতে, চহৰখনৰ চিকিৎসালয়সমূহত এই গুলীচালনাৰ ঘটনাত গুলীবিদ্ধ হোৱা আহত লোকেৰে ভৰি পৰিছে। চিটি কাউন্সিলাৰ ৰৰ্বাট মেককাৰ্থীয়ে সংবাদ প্ৰতিষ্ঠান চি এন এনৰ আগত দিয়া মন্তব্য অনুসৰি, বুধবাৰে সন্ধিয়া লুইষ্টন চহৰৰ বলিং এলী, ৰেষ্টুৰেন্ট,বাৰ আৰু অন্য এক ঠাইত হোৱা গুলীচালনাৰ ঘটনাত বৰ্তমান নিহতৰ সংখ্যা ২২ জনলৈ বৃদ্ধি পাইছে।

বুধবাৰে সন্ধিয়া চহৰখনৰ বলিং এলী অঞ্চলত হোৱা গুলীচালনাৰ পিছতেই আৰক্ষী সন্ধিয়া প্ৰায় ৭.৩০ বজাত আহি উক্ত স্থানত উপস্থিত হৈছিল যদিও গুলীচালনা সংঘটিত কৰা লোকজনক আটক কৰাত ব্যৰ্থ হয়। তাৰ কিছুসময় পিছতেই প্ৰায় ৮.১৫ বজাত অঞ্চলটোৰ ৱালমাৰ্ট ডিষ্ট্ৰিবিউচন চেন্টাৰৰ সমীপত পুনৰ গুলীচালনাৰ খবৰ পোৱা গৈছিল।

যুক্তৰাষ্ট্ৰ আৰক্ষীয়ে এই পৰ্যন্ত এই ঘটনা সংঘটিত কৰা অভিযুক্তক আটক কৰিব পৰা নাই যদিও ফেচবুকযোগে অভিযুক্ত আৰু অভিযুক্তই ব্যৱহাৰ কৰা বাহনৰ ফটো শ্বেয়াৰ কৰিছে। লগতে জনসাধাৰণক সতৰ্ক হ'বলৈ আহ্বান জনাই যিকোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'লে অথবা অভিযুক্তক প্ৰত্যক্ষ কৰিলেই আৰক্ষীক খবৰ দিবলৈ আহ্বান জনায়।

আমেৰিকা আৰক্ষীয়ে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰু অভিযুক্তক কৰায়ত্ত কৰাৰ বাবে যৎপৰোনাস্তি চেষ্টা চলাই আছে। উল্লেখ্য যে, এই বৰ্ষত বৰ্তমানলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰায় ৫০০টা গুলীচালনাৰ ঘটনা সংঘটিত হৈছে।

আমেৰিকাত দুৰ্বৃত্তৰ গুলীচালনা : নিহত ২২,অৰ্ধশতাধিক আহত
অমানবীয় : খাদ্যৰ বাবেই কাজিয়া কৰি মাতৃক জ্বলাই দিলে নিজ পুত্ৰই

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in