মাহছা আমিনি আৰু ইৰাণ...

মাহছা আমিনি আৰু ইৰাণ...

ডিজিটেল ডেস্ক : ক্ৰমাৎ বৃদ্ধি পাইছে ইৰাণৰ অশান্ত পৰিস্থিতি । কাৰাবন্দী সহস্ৰাধিক প্ৰতিবাদী, মৃত্যুদণ্ডৰ আদেশ কেইবা গৰাকীলৈ । চাৰিওদিশে কেৱল প্ৰতিবাদীৰ চিৎকাৰ আৰু প্ৰশাসনৰ হুংকাৰ । ৰাজপথত প্ৰতিবাদী কন্ঠস্বৰ দেখিলেই কাৰাগাৰলৈ প্ৰেৰণ চৰকাৰৰ । তেহৰাণত ক্ৰমাৎ কঠোৰ হৈ পৰিছে চৰকাৰ । কিন্তু কিয় সৃষ্টি হ'ল এই পৰিৱেশৰ ! হেজাৰ হেজাৰ লোক স্ব ইচ্ছাৰে ৰাজপথত মৃত্যুভয়কো আওকাণ কৰি প্ৰশাসনৰ বিৰোধিতা কৰিবলৈ নিশ্চয়কৈ প্ৰয়োজন হ'ব এটি কাৰণৰ ।

চলিত বৰ্ষৰ ১৬ ছেপ্তেম্বৰত ইৰাণত মৃত্যু বৰণ কৰিছিল ২২ বছৰীয়া এগৰাকী যুৱতীয়ে । মাহছা আমিনি নামৰ এই গৰাকী যুৱতীৰ অপৰাধ আছিল ৰাজহুৱা স্থানত বোৰ্খা পৰিধান নকৰাকৈ ওলোৱা । যাৰ বাবে মৰেল পুলিছৰ প্ৰহাৰত মৃত্যু বৰণ কৰিব লগীয়া হৈছিল মাহছা আমিনিয়ে । ইয়াৰ পাছতেই জাঙুৰ খাই উঠিল ইৰাণৰ মহিলা সকল । শতিকা প্ৰাচীক পুৰুষতান্ত্ৰিকতাৰ প্ৰমাণ বোৰ্খা পৰিধান নকৰাকৈ ৰাজপথলৈ আহিল সহস্ৰাধিক মহিলা । এই মহিলা সকলৰ প্ৰতিবাদে স্থান লাভ কৰিলে আন্ত:ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো ।

বিশ্ব বিখ্যাত সংবাদ মাধ্যম ব্ৰিটিছ ব্ৰড'কাষ্টিং কোৰ্পোৰেচন অথবা বিবিচিয়ে এই সন্দৰ্ভত সাক্ষাৎকাৰ ল'ব বিচাৰিছিল ইৰাণৰ ৰাষ্ট্ৰপতিৰ । কিন্তু সাংবাদিক গৰাকীয়ে বোৰ্খা নিপিন্ধাৰ বাবে শেষ মূহুৰ্তত সাক্ষাৎকাৰৰ বাবে মান্তি নহয় ৰাষ্ট্ৰপতি গৰাকী । কিন্তু হাস্যকৰ কথাটো হ'ল যে এই সাক্ষাৎকাৰ অনুষ্ঠিত কৰা হ'ল হয় নিউ ইয়ৰ্কত আনহাতে, সাংবাদিক গৰাকী ইছলাম ধৰ্মাৱলম্বীও নহয় । তেনেক্ষেত্ৰত কেৱল নিজ দেশৰ নাগৰিকেই নহয় বৰং আন দেশৰ নাগৰিক এগৰাকীক বোৰ্খা পৰিধানৰ বাবে অনুৰোধ কৰা সমগ্ৰ ঘটনাটিয়েই আছিল চাঞ্চল্যকৰ ।    

যি দেশৰ ৰাষ্ট্ৰপতি এগৰাকীয়ে নাৰীৰ পোছাক পৰিধানৰ স্বাধীনতা খৰ্ব কৰাক সমৰ্থন কৰে তেনে এখন দেশত মৰেল পুলিছিঙৰ নামত মাহছা আমিনিৰ মৃত্যু নিশ্চয়কৈ সাধাৰণ কথা ।

কিন্তু ইৰাণৰ জনতাৰ তুমুল প্ৰতিবাদৰ সন্মুখত যেন নতশিৰ হ'ল প্ৰশাসন । চলিত মাহৰ ৫ তাৰিখে মৰেল পুলিছৰ বিৰুদ্ধে লোৱা হ'ল সিদ্ধান্ত । অবৈধ ঘোষণা কৰা হ'ল মৰেল পুলিছক । কিন্তু শেষ নহ'ল প্ৰতিবাদ । এই প্ৰতিবাদৰ সুযোগতেই ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হ'ল প্ৰতিবাদী সকলক । যেন এই প্ৰতিবাদী কন্ঠস্বৰ কোনো কাৰণতেই বিদেশলৈ যাব নোৱাৰে । বিশ্বই গম পাব নোৱাৰিব ইৰাণৰ অশান্ত ৰাজনীতি, সমাজনীতিৰ বতৰা । ৰবিবাৰে ঘোষণা কৰা হ'ল প্ৰথম গৰাকী প্ৰতিবাদীৰ মৃত্যুদণ্ডৰ নিৰ্দেশ । বৃহস্পতিবাৰলৈ এই সংখ্যা বৃদ্ধি হৈ সৰ্বমুঠ ৪ গৰাকী প্ৰতিবাদকাৰীক দিয়া হ'ল মৃত্যুদণ্ডৰ শাস্তি । আন বহু কেইগৰাকীক দিয়া হ'ল আজীৱন কাৰাদণ্ডৰ শাস্তি ।

এতিয়া প্ৰশ্ন হয় এই শাস্তি কাৰ বিপক্ষে ? ৰাজপথলৈ ওলাই অহা জনতাৰ বিপক্ষে নে যি জনতাৰ দাবী কেৱল নিজৰ স্বাধীনতা সাব্যস্ত কৰাৰ...

উল্লেখ্য যে, ভাৰততো চলিত বৰ্ষতেই পৰিলক্ষিত হৈছিল বোৰ্খাৰ সন্দৰ্ভত এক প্ৰতিবাদৰ । এই প্ৰতিবাদ সাব্যস্ত কৰিছিল কেই গৰাকীমান শিক্ষাৰ্থীয়ে । মহাবিদ্যালয়ত বোৰ্খা পৰিধান কৰিবলৈ প্ৰতিবাদ সাব্যস্ত কৰিছিল এই সকল শিক্ষাৰ্থীয়ে ।

এতিয়া প্ৰশ্ন হয়, এই প্ৰতিবাদৰ কাৰণ ইৰাণৰ প্ৰতিবাদৰ সম্পূৰ্ণ বিপৰীত । ক'ৰ'বাত যদি কোনোবাই বোৰ্খা পৰিধান কৰিব বিচাৰে আন ক'ৰ'বাত কোনোবাই নিবিছাৰে । কিন্তু ইয়াৰ অন্তৰালত থকা কাৰক যে একেটাই সেইয়া অনুধাৱন কৰিবলৈ নিবিছাৰে সমাজখনে । এই কাৰক হৈছে ব্যক্তি স্বাধীনতা আৰু পুৰুষতান্ত্ৰিকতাৰ বিৰুদ্ধে । ব্যক্তি এগৰাকীয়ে পোছাক পৰিধানৰ দৰে বিষয়টো স্বাধীনতা লাভ নকৰিলে কিদৰে এখন স্বাধীন সমাজৰ বাসিন্দা বুলি পাৰিব পৰিচয় ? পুৰুষে নিৰ্ধাৰণ কৰি দিয়া শতিকাপ্ৰাচীন নিয়মৰ আধাৰত প্ৰচলিত পোছাকে কিদৰে ৰক্ষা কৰিব নাৰীৰ মৰ্যদা ? এই বিষয় সমূহ আজিৰ সমাজে নিজকেই সোধাৰ প্ৰয়োজনীয়তা ইতিমধ্যেই আহি পৰিছে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in