প্ৰকৃতিৰ প্ৰকোপত বিশ্ব, এইবাৰ ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল পাপুৱা নিউগিনিক

প্ৰকৃতিৰ প্ৰকোপত বিশ্ব, এইবাৰ ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল পাপুৱা নিউগিনিক

ডিজিটেল ডেস্ক : প্ৰকৃতিতকৈ সুন্দৰ অথচ ভয়াৱহ যে কোনোৱে হ'ব নোৱাৰে সেই কথা মানৱ জাতিক শেহতীয়াকৈ বাৰম্বাৰ সোৱৰাই আহিছে প্ৰকৃতিয়ে । তুৰস্ক-চিৰিয়াৰ ভূমিকম্পই ইয়াৰ উদাহৰণ । কিন্তু প্ৰকৃতিৰ এই প্ৰকোপ যেন কোনো পধ্যেই সাম কাটিব বিচৰা নাই বিশ্বত । এফালে যুদ্ধৰ ধ্বংসলীলাত বন্দী এচাম মানুহ, আনফালে আন এচামে প্ৰকৃতিৰ ৰোষৰ বলি হৈ প্ৰাণৰ মায়াত বন্দী ।

উল্লেখ্য যে, ভাৰতীয় সময় অনুসৰি ৩ এপ্ৰিলৰ আৰম্ভণিতেই প্ৰায় ১২.১২ বজাত পাপুৱা নিউগিনিক কপাই যায় এক ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই । ভূমিপৃষ্ঠৰ প্ৰায় ৬২ কিলোমিটাৰ তলত সৃষ্টি হোৱা এই ভূমিকম্পই প্ৰায় ৯২ কিলোমিটাৰ জোৰা এক অঞ্চলক সামৰি লয় ।

সমুদ্ৰৰ সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হোৱা এই ভূমিকম্পই পৰৱৰ্তী সময়ত চুনামিৰ আগমণৰ আশংকা বহন কৰিছে যদিও এতিয়ালৈকে চৰকাৰে জাৰী কৰা নাই কোনোধৰণৰ সতৰ্কতাবাণী । আনহাতে, সমুদ্ৰৰ কাষৰীয়া অঞ্চল হোৱাৰ বাবে ভূমিকম্পৰ পাছত ভূমিপৃষ্ঠ আৰু অধিক কোমল হৈ পৰা বুলিও জনাইছে প্ৰত্যক্ষদৰ্শীয়ে । আৰু ভৱিষ্যতে যে ইয়াৰ ঋণাত্মক প্ৰভাৱ পৰিব সেইয়াও খাটাং ।

প্ৰকৃতিৰ প্ৰকোপত বিশ্ব, এইবাৰ ৭.১ ৰিখটাৰ স্কেলৰ ভূমিকম্পই জোকাৰি গ'ল পাপুৱা নিউগিনিক
সদৌ অসম মইনা পাৰিজাতৰ সপ্তদশ দ্বি- বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহৰ সফল সামৰণি...

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in