/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/8b50ce55-33d5-4140-aa51-59abc37471d1/MADONA_29.jpg)
অসুস্থ মেড'নাঃ বিশ্ব ভ্ৰমণৰ কাৰ্যসূচী স্থগিত...
ডিজিটেল ডেস্কঃ মেড'নাৰ বিশ্ব ভ্ৰমণৰ কাৰ্যসূচী সাময়িক ভাৱে স্থগিত। আমেৰিকান গায়িকা তথা গীতিকাৰগৰাকীক ভৰ্তি কৰোৱা হৈছে হাস্পতালত।
প্ৰকাশিত খবৰ মতে তেওঁৰ বেক্টেৰিয়া জনিত সংক্ৰমণত ভূগিছে। জানিব পৰা মতে তেওঁক আই চি ইউত চিকিৎসা প্ৰদান কৰা হৈছে।
এই সন্দৰ্ভত মেড'নাৰ মেনেজাৰগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে, মেড'নাৰ স্বাস্থ্যৰ উন্নতি হৈছে যদিও তেওঁ চিকিৎসকৰ তত্বাৱধানত আছে। লগতে তেওঁ কয়, মেড'নাৰ স্বাস্থ্য সংক্ৰান্তিয় জৰুৰী অৱস্থাৰ বাবে বৰ্তমানৰ সকলো প্ৰতিশ্ৰুতি তথা বিশ্ব ভ্ৰমণ স্থগিত কৰা হৈছে।
উল্লেখ্য যে মেড'নাই তেওঁ ৪০ বছৰীয়া সাংগীতিক সুৰিয়া যাত্ৰা সম্পূৰ্ণ হোৱাৰ বাবে বিশ্ব ভ্ৰমণ কাৰ্যসূচী ঘোষণা কৰিছিল। ১৫ জুলাইত আমেৰিকাৰ পৰা আৰম্ভ হ'বলগীয়া এই কাৰ্যসূচী ১ ডিচেম্বৰত আমষ্টাৰডামত অন্ত পৰাৰ কথা আছিল।
Also Read: আতংকৰ আন এক নাম সেনাৰ শুকানজুলি ফায়াৰিং ৰেঞ্জঃ পুনৰ মৃত্যু হ'ল এজনৰ...