অনুপ্ৰৱেশ বিৰোধী অভিযানৰ বিৰুদ্ধে অগ্নিগৰ্ভ লছ এঞ্জেলছ...

অনুপ্ৰবেশ বিৰোধী অভিযানক লৈ জ্বলিছে আমেৰিকা। লছ এঞ্জেলেছৰ ডাউনটাউনত প্ৰতিবাদে গ্ৰহণ কৰিছে ভয়ংকৰ ৰূপ। ৰাজপথত জ্বলিছে বাহন, চলিছে আৰক্ষীৰ লাঠি, নিক্ষেপ কৰিছে কন্দুৱা গেছ।

author-image
Tushar Pratim
আপডেট কৰা হৈছে
New Update
অনুপ্ৰৱেশ বিৰোধী অভিযানৰ বিৰুদ্ধে অগ্নিগৰ্ভ লছ এঞ্জেলছ...

ডিজিটেল ডেস্কঃ অনুপ্ৰবেশ বিৰোধী অভিযানক লৈ জ্বলিছে আমেৰিকা। লছ এঞ্জেলছৰ ডাউনটাউনত প্ৰতিবাদে গ্ৰহণ কৰিছে ভয়ংকৰ ৰূপ। এফালে যদি ৰাজপথত জ্বলিছে বাহন আনফালে প্ৰতিবাদকাৰীৰ ওপৰত চলিছে প্ৰশাসন, সুৰক্ষাবাহিনীৰ লাঠি, কন্দুৱা গেছ আদি। তাৰ মাজতে আকৌ এই প্ৰতিবাদক পেইড প্ৰতিবাদ আখ্যা দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে।

Advertisment

লছ এঞ্জেলছৰ এই অগ্নি গৰ্ভা পৰিস্থিতি সন্দৰ্ভত আৰক্ষী বিভাগে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি তেওঁলোকে প্ৰতিবাদকাৰীয়ে বিভিন্ন স্থানত সংযোগ কৰা অগ্নি নিৰ্বাপনৰ ব্যৱস্থা কৰিছে। তৃতীয়টো দিনতো অব্যাহত থকা এই প্ৰতিবাদ নিয়ন্ত্ৰণৰ বাবে ডনাল্ড ট্ৰাম্পে নেচনেল গাৰ্ড মোতায়েনৰ নিৰ্দেশ প্ৰদান কৰিছে।

আৰক্ষী বাহিনীয়ে কন্দুৱা গেছ প্ৰয়োগ কৰি প্ৰতিবাদকাৰীক পিছুৱাই নিবলৈ চেষ্টা কৰিছে। কেলিফৰ্নিয়াৰ গৱৰ্ণৰগৰাকীয়ে আকৌ এই প্ৰতিবাদ দমনৰ বাবে ট্ৰাম্পৰ সিদ্ধান্তকো সমালোচনা কৰি ৰাজহুৱা মন্তব্য কৰিছে।

উল্লেখ্য যে, লছ এঞ্জেলছত অনুপ্ৰবেশ বিৰোধী অভিযানক লৈ প্ৰতিবাদ চলি থকাৰ মাজতে আইন প্ৰয়োগকাৰী বাহিনীয়ে তেওঁলোকৰ ওপৰত কন্দুৱা গেছ আৰু ৰবৰৰ গুলী নিক্ষেপ কৰে। প্ৰথমবাৰৰ বাবে যোৱা শনিবাৰে ইমিগ্ৰেচন বিষয়াসকলে অভিযান চলোৱাৰ সময়তে এটা গুৰুত্বপূৰ্ণ পথ অৱৰোধ কৰি প্ৰতিবাদকাৰীসকল গোট খাইছিল।

অভিযোগ অনুসৰি প্ৰশাসনৰ প্ৰৰোচনাৰ বাবেই এই প্ৰতিবাদে পৰৱৰ্তী সময়ত ভয়ংকৰ ৰূপ ধাৰণ কৰে। কেলিফৰ্ণিয়াৰ গৱৰ্ণৰ গেভিন নিউছমে এই  সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে প্ৰতিবাদ দমনৰ বাবে নেচনেল গাৰ্ড নিয়োগ কৰাৰ সিদ্ধান্তই উত্তেজনা বৃদ্ধি কৰিছে।

শনিবাৰে আৰু দেওবাৰে এই দুয়োটা দিনতে  প্ৰতিবাদ আৰু সংঘৰ্ষৰ অৱসান ঘটাবলৈ, পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ২০০০ নেচনেল গাৰ্ড নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে।তাৰোপৰি তেওঁ প্ৰতিবাদ অব্যাহত থাকিলে সকলোতে সৈন্য মোতায়েন কৰা হ’ব বুলি সকীয়াই দিছে।

ড’নাল্ড ট্ৰাম্পে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ট্ৰুথ ছ’চিয়েলত এক পোষ্টত কোনো প্ৰমাণ অবিহনেই প্ৰতিবাদকাৰীসকলক ‘পেইড প্ৰতিবাদী’ বুলি উল্লেখ কৰিছে। যাক লৈ নতুন বিতৰ্কৰো সূচনা হৈছে।

তেওঁ নিজৰ পোষ্টত উল্লেখ কৰিছে যে গৱৰ্ণৰ গেভিন নিউজম আৰু মেয়ৰ বিয়েছে নিজৰ দায়িত্ব পালন নকৰাৰ বাবে লছ এঞ্জেলছৰ জনসাধাৰণৰ ওচৰত ক্ষমা খুজিব লাগে। ট্ৰাম্প লিখিছে, এইসকল প্ৰতিবাদকাৰী নহয়, তেওঁলোক অশান্তি সৃষ্টিকাৰী বিদ্ৰোহী।

ইফালে লছ এঞ্জেলছৰ মেয়ৰ কেৰেন বায়াছে প্ৰতিবাদকাৰীসকলক তেওঁলোকৰ প্ৰতিবাদ শান্তিপূৰ্ণ কৰি ৰাখিবলৈ আহ্বান জনাই কয় যে আমি লছ এঞ্জেলছৰ জনসাধাৰণৰ সৈতে থিয় দিছো। এই সপ্তাহত লছ এঞ্জেলছত ইমিগ্ৰেচন এণ্ড কাষ্টমছ এনফৰ্চমেণ্টৰ অভিযানত ১১৮ জন নথি-পত্ৰবিহীন অনুপ্ৰৱেশকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। গৱৰ্ণৰ গেভিন নিউছমে এই অভিযানক গৰিহণা দিয়ে।

আমেৰিকাৰ নৰ্দাৰ্ণ কমাণ্ডৰ এক বিবৃতিত কোৱা হৈছে যে লছ এঞ্জেলছত প্ৰতিবাদৰ পিছত প্ৰায় ৫০০ মেৰিনক নিয়োগৰ বাবে সাজু কৰি ৰখা হৈছে। বিবৃতিটোত কোৱা হৈছে যে ৰাজ্য আৰু ব্যক্তিগত সম্পত্তিৰ সুৰক্ষাৰ ক্ষেত্ৰত প্ৰতিৰক্ষা বিভাগক সহায় কৰিবলৈ প্ৰয়োজন অনুসৰি মেৰিন নিয়োগ কৰা হ’ব।

বৰ্তমনালৈকে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কেলিফৰ্ণিয়া আৰ্মি নেচনেল গাৰ্ডৰ প্ৰায় ২০০০ সদস্যক লছ এঞ্জেলছত নিয়োজিত কৰা হৈছে। 

 

ড'নাল্ড ট্ৰাম্প আমেৰিকা প্ৰতিবাদ