চীনত খেলিবলৈ গৈ বিপদত লিয়নেল মেছিঃ চীনা সীমান্ত আৰক্ষীয়ে কৰিলে আটক...

চীনত খেলিবলৈ গৈ বিপদত লিয়নেল মেছিঃ চীনা সীমান্ত আৰক্ষীয়ে কৰিলে আটক...
চীনত খেলিবলৈ গৈ বিপদত লিয়নেল মেছিঃ চীনা সীমান্ত আৰক্ষীয়ে কৰিলে আটক...

ডিজিটেল ডেস্কঃ চীনৰ সীমান্ত আৰক্ষীয়ে আটক কৰিলে লিয়নেল মেছিক। বিশ্ব ফুটবলৰ তাৰকা ফুটবলাৰ লিয়নেল মেছি খেলিবলৈ গৈ বিপদত পৰিল চীনত।

বিমানেৰে গৈ চীনৰ বেইজিং বিমানবন্দৰত ভৰি দিয়াৰ পাছতে মেছিক আটক কৰে আৰক্ষীয়ে। অহা ১৫ জুনত চীনৰ এখন ষ্টেডিয়ামত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এখন মেচত অংশগ্ৰহণ কৰিব মেছিয়ে।

আৰ্জেণ্টিনা আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া এই মেচখনৰ বাবে ইতিমধ্যে বিশ্ব ফুটবলৰ লগতে চীনতো সৃষ্টি হৈছে ব্যাপক উৎসুকতা। উক্ত মেচখনত খেলিবৰ বাবে পূৰ্বেই চীনত গৈ উপস্থিত হৈছেগৈ আৰ্জেণ্টিনাৰ অধিনায়ক মেছি।

কিন্তু বেইজিং বিমানবন্দৰত ভৰি দিয়াৰ পাছতে আটক হ’বলগীয়া হ’ল মেছি। জানিব পৰা মতে ভিছাজনিত কাৰণৰ বাবে তেওঁ চীনা সীমান্ত আৰক্ষীয়ে এইদৰে আটক কৰিছে।

দৰাচলতে মেছিয়ে চীনত প্ৰৱেশ কৰিবৰ বাবে আৰ্জেণ্টিনাৰ ভিছা ব্যৱহাৰ কৰাৰ কথা আছিল। কিন্ত বিমানবন্দৰত নমাৰ পিছত তেওঁৰ ভিছা পৰীক্ষা কৰাত স্পেইনৰ ভিছাহে প্ৰদৰ্শন কৰে।

যাৰ বাবে তেওঁক চীনৰ সীমান্ত আৰক্ষীয়ে আটক কৰে। প্ৰায় আধা ঘণ্টা ধৰি চীনা সীমান্ত আৰক্ষীয়ে আটক কৰি ৰাখে মেছিক। তাৰ পাছত অৱশ্যে এই সমস্যাৰ অন্ত পৰে।

বিমানবন্দৰ কৰ্তৃপক্ষই বিভিন্ন আলোচনা-বিলোচনাৰ অন্তত তেওঁক বেইজিঙত প্ৰৱেশৰ অনুমতি প্ৰদান কৰে। অৱশ্যে চীনা সীমান্ত আৰক্ষীয়ে তেওঁক আটক কৰাৰ সমগ্ৰ দৃশ্য ভাইৰেল হৈ পৰে।

উল্লেখ্য যে, ইতিমধ্যে পি এছ জিৰ সৈতে সম্পৰ্ক শেষ কৰি মেছিয়ে ইণ্টাৰ মিয়ামিৰ সৈতে চুক্তিবদ্ধ হৈছে। অহা জুলাই মাহৰ পৰা তেওঁক নতুন জাৰ্ছিত দেখা যাব। তাৰ পূৰ্বে দেশৰ হৈ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলিব মেছিয়ে।

চীনত খেলিবলৈ গৈ বিপদত লিয়নেল মেছিঃ চীনা সীমান্ত আৰক্ষীয়ে কৰিলে আটক...
লামডিঙত চাঞ্চল্যকৰ ঘটনাঃ পত্নীক হত্যাৰ অপচেষ্টা বহিঃৰাজ্যৰ স্বামীৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in