লিজেণ্ড ক্ৰিকেট লীগত খেলিব গম্ভীৰে…

লিজেণ্ড ক্ৰিকেট লীগত খেলিব গম্ভীৰে…

ডিজিটেল ডেস্কঃ পুনৰ ক্ৰিকেটৰ ২২ গজৰ খেলপথাৰত দেখা পোৱা যাব প্ৰাক্তন ভাৰতীয় অপেনিং বেটচমেন গৌতম গম্ভীৰক।লিজেণ্ড ক্ৰিকেট লীগৰ দ্বিতীয় সংস্কৰণত হাতত বেটলৈ ক্ৰিজত নামিব বিশ্বকাপ জয়ী বাওঁহতীয়া বেটচমেনজন। ২০ ছেপ্তেম্বৰৰ পৰা অনুষ্ঠিত হ'ব লগা এই লীগত গম্ভীৰৰ অংশগ্ৰহণ সম্পৰ্কে আজি তেওঁ এই কথা জনালে সংবাদ মাধ্যমক ।

বিশ্বৰ ৯ খন দেশৰ মুঠ ১১০ গৰাকী ক্ৰিকেট লিজেণ্ডৰ অংশগ্ৰহণেৰে অনুষ্ঠিত হ'বলগীয়া এই প্ৰতিযোগিতাত প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ তথা বৰ্তমানৰ ৰাজ্যসভাৰ সাংসদ হৰভজন সিং, ইয়ন মৰ্গেন, ডেইল ষ্টেইন, জেক কালিছ, ইৰফান পাঠনৰ দৰে বিধ্বংসী ক্ৰিকেটাৰে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।

উল্লেখযোগ্য যে, ২০০৭ চনত প্ৰথমবাৰৰ বাবে জোহাঞ্চবাৰ্গত অনুষ্ঠিত হোৱা টি-২০ বিশ্বকাপ জয়ী ভাৰতীয় দলৰ অপেনাৰ গম্ভীৰৰ ভূমিকা আছিল অনবদ্য।পাকিস্তানেৰে হোৱা ফাইনেল খেলখনত মাত্ৰ ৫৪টা বলত ৭৫ ৰাণৰ এক দৰ্শনীয় ইনিংছেৰে ভাৰতক বিশ্ব জয়ৰ সোৱাদ দিছিল।

একেদৰে ২০১১ৰ এদিনীয়া ক্ৰিকেট বিশ্বকাপতো গম্ভীৰৰ প্ৰদৰ্শন আছিল অতুলনীয়। সেইবাৰ বিশ্বকাপৰ কেইবাখনো মেচত গম্ভীৰে বিপদত পৰা ভাৰতীয় দলক উদ্ধাৰ কৰিছিল। বিশ্বকাপৰ ফাইনেলত শ্ৰীলংকাৰ বিৰুদ্ধে ১২২ বলত ৯৭ ৰাণৰ ইনিংছ এতিয়াও সকলোৰে মনত আছে। ২০০৭ ৰ টি-২০ আৰু ২০১১ ৰ এদিনীয়া বিশ্বকাপত গম্ভীৰৰ বেটৰ পৰাই আহিছিল সৰ্বাধিক ৰাণ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in