ম্যানমাৰৰ ৩৭খন চহৰত সামৰিক আইন জাৰি

ম্যানমাৰৰ ৩৭খন চহৰত সামৰিক আইন জাৰি

ডিজিটেল সংবাদ বেকাজানঃ বিদ্ৰোহীক প্ৰত্যাবান জনাই ম্যানমাৰৰ ৩৭খন চহৰত শনিবাৰে সামৰিক আইন জাৰি কৰিছে জুন্টা চৰকাৰে। দেশৰ জৰুৰীকালীন অৱস্থা আৰু ৬ মাহৰ বাবে বৃদ্ধি কৰাৰ এদিন পিছতে এই বৃহৎ ঘোষণা হৈছে ।

অধিসূচনা অনুসৰি সামৰিক আইন এলেকাত যিকোনো অপৰাধমূলক গোচৰৰ শুনানি জন্টাই স্থাপন কৰা আদালতত কৰা হ’ব। মৃত্যুদণ্ড আৰু যাৱজ্জীৱন কাৰাদণ্ডৰ দৰে শাস্তি বৃদ্ধিৰ বাবে সতৰ্কবাণী দিয়া হৈছে।

সামৰিক আদালতৰ ৰায়ৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ বাহিৰে কোনো আপীল কৰা নহ’ব। স্থানীয় সংবাদ মাধ্যম এক প্ৰতিবেদন অনুসৰি ম্যানমাৰৰ ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আৰু নিৰাপত্তা পৰিষদে দেশৰ ৩৫০খন চহৰৰ ভিতৰত ৬০খন চহৰত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ নিৰ্দেশ দিছে।

মন কৰিবলগীয়া যে শেহতীয়াকৈ ম্যানমাৰত সামৰিক চৰকাৰ আৰু বিভিন্ন বিদ্ৰোহী সংগঠনৰ মাজত সংঘাত তীব্ৰতৰ হৈ পৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনৰ ১ ফেব্ৰুৱাৰীত ম্যানমাৰ সেনাই সামৰিক অভ্যুত্থানেৰে আং ছান ছু কিৰ গণতান্ত্ৰিক চৰকাৰক উৎখাত কৰা পিছতেই মান্দালয় আৰু ইয়াংগন অঞ্চলত সামৰিক আইন জাপি দিয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in