/asomiyapratidin/media/media_files/2025/09/21/1-2025-09-21-11-27-32.jpg)
ডিজিটেল সংবাদ,কুৱেইটঃ সমগ্ৰ অসমীয়া জাতিৰ লগতে কুৱেইটতো প্ৰবাসী অসমীয়া সকলে প্ৰাণৰ শিল্পী গৰাকীৰ স্মৃতিত আয়োজন কৰিলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান৷ শনিবাৰে স্থানীয় উদ্যান এখনত সকলো মিলিত হৈ এগছি চাকি আৰু ধুপ প্ৰজ্বলনেৰে, শিল্পী জুবিন গাৰ্গৰ ফটোত মাল্যাৰ্পণ আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে ৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত সকলোৱে জুবিন সম্পৰ্কে দু-আষাৰ কয় ৷ শিল্পী গৰাকীৰ স্মৃতিত এক মিনিট সময় মৌনতা অৱলম্বন কৰি তেওঁৰ সৃষ্টি “মায়াবিনী ৰাতিৰ বুকুত" সমস্বৰে গাই শ্ৰদ্ধা জনায়। অনুষ্ঠানত অসম সংঘ, কুৱেইটৰ সভাপতি সৰ্বশ্ৰী আশীষ গোহাই,উপ সভাপতি মিতালি গোস্বামী, সম্পাদক ৰাজদীপ বৰুৱা,যুতিয়া সম্পাদক তনুজ ফুকন, প্ৰাক্তন সভাপতি ৰাজীৱ ৰাজখোৱাই অংশ লয়।
লগতে উপস্থিত থাকে অনুপ বৰা, বন্তি গোহাই, নীলাক্ষি বৰা, ইকবাল হুছেইন, বিজন গোস্বামী, অমিতাভ তালুকদাৰ, আলোক দাস,জয়ন্ত ঠাকুৰ,মেহতাব হুছেইন, শিৱ বৰা, বিমল বৰ্মন, কাকলি নাথ, ৰূপম দাস, মৃগাঙ্গ দাস, পৱিত্ৰ শইকীয়া, লীনা শইকীয়া, পৰিস্মিতা বৰুৱা,দীপনালিছা ফুকন প্ৰমুখ্যে সংঘৰ অন্যান্য সদস্য-সদস্যা সকল।
উল্লেখ কৰা প্ৰয়োজন যে, উক্ত অনুষ্ঠান সন্দৰ্ভত কুৱেইট শাখা সাহিত্য সভাৰ সভাপতি শ্ৰী আলোক দাস তথা সম্পাদক শ্ৰী ৰাজদীপ বৰুৱাৰ সহযোগত এই প্ৰতিবেদনৰ দ্বাৰা অসম সাহিত্য সভাৰ বিদেশ মৈত্ৰী বন্ধন উপ-সমিতিৰ কাৰ্য্যকৰী সভাপতি শ্ৰী ৰুমা হাজৰিকাক জানিব দিছে।