নেপালত ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন যাত্ৰীবাহী বাছঃ৬০ ৰো অধিক যাত্ৰী নিৰুদ্দেশ

নেপালত ভূমিস্খলনৰ ফলত নদীত পৰিল দুখন যাত্ৰীবাহী বাছঃ৬০ ৰো অধিক যাত্ৰী নিৰুদ্দেশ

author-image
Asomiya Pratidin
New Update
লাহৰীঘাটত ৫ টাকৈ ঘৰ ভস্মীভূতঃ ফায়াৰ বিগ্ৰেডলৈ শিল নিক্ষেপ...

ei muhurtar khabar

ডিজিটেল ডেস্ক: নেপালত ভয়ংকৰ দুৰ্ঘটনা। শুকুৰবাৰে পুৱা মধ্য নেপালৰ মডন-অশ্ৰিত ঘাইপথৰ সমীপত ভূমিস্খলনৰ ঘটনা সংঘটিত হয় ৷ ভূমিস্খলনৰ ফলত নদীত পৰে দুখন যাত্ৰীবাহী বাছ ৷ ঘটনাত প্ৰায় ৬০ গৰাকী লোক নিৰুদ্দেশ হৈ থকা বুলি সন্দেহ কৰা হৈছে।

Advertisment

সংবাদ সংস্থা ANI ৰ পৰা পোৱা তথ্য অনুসৰি, দুৰ্ঘটনাত পতিত হৈ নেপালৰ ত্রিশূলী নদীত পৰে যাত্ৰীবাহী বাছখন ৷ বৰ্তমান বৰষুণৰ মাত্ৰা বৃদ্ধি পোৱাৰ ফলত ওফন্দি উঠিছে ত্ৰিশূলী নদীৰ বক্ষ ৷ ফলস্বৰূপে উদ্ধাৰ অভিযানত কিছু বাধাৰ সৃষ্টি হৈছে।

উল্লেখ্য যে, নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে X হেণ্ডেল যোগে কয় যে, "নাৰায়ণগড়-মুগলিন (Narayangadh- Muglin) পথৰ অংশত পুৱা ৩.৩০ বজাত বাছকেইখন ভূমিস্খলনৰ ফলত নৈ পৰি যায়।নৈয়ে উটুৱাই লৈ যায় বাছসহ যাত্ৰী ৷ ফলত প্ৰায় ৫ ডজন যাত্ৰী নিৰুদ্দেশ হৈ পৰে ৷ এই খবৰ পাই মই দুখ অনুভৱ কৰিছো । মই গৃহ প্ৰশাসনকে ধৰি চৰকাৰৰ সকলো সংস্থাকে যাত্ৰীসকলক বিচাৰি উলিয়াবলৈ নিৰ্দেশ দিছো।’’

Also Read: ফেচবুকৰ ইতিবাচকতাঃ ৰজাঘৰীয়াই নকৰাটো কৰি দেখুৱালে প্ৰজাই

LANDSLIDE IN NEPAL NEPAL HIGHWAY